ফিট ইণ্ডিয়া অভিযানত অংশ ল’লে বিৰাট কোহলী আৰু মিলিন্দ সুমনে

unnamed 2

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া অভিযানৰ অংশ ৰূপে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেতা তথা ফিটনেছ গুৰু মিলিন্দ সুমনৰ লগত মতবিনিময় কৰে ৷

দুয়োগৰাকী ষ্টাৰৰ লগত হোৱা মতবিনিময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মিলিন্দ সুমনক প্ৰশ্ন কৰে ” আপুনি আপোনাৰ বয়সক লৈ যিয়েই নকওক ৷আপোনাৰ বয়স ইমানেই নে? আৰু কিবা বেলেগ কথা আছে৷”

মোদীৰ প্ৰশ্ন শুনি মিলিন্দ সুমনে মিছিকিয়াই হাঁহি উত্তৰ দিয়ে ” বহুত মানুহেই মোৰ বয়সক লৈ আচৰিত হয় আৰু প্ৰশ্ন কৰে যে মোৰ বয়স ৫৫ বছৰ নে ? সকলোৱে আচৰিত হয় যে এইটো বয়সত মই কেনেকৈ ৫০০ কিলোমিটাৰ দৌৰিব পাৰো। মই তেওঁলোকক কওঁ যে মোৰ মা ৮১বছৰীয়া ৷গতিকে মই মোৰ মা বয়সত মা দৰে হ’ব বিচাৰো।”

মিলিন্দ সুমনৰ উপৰিও মোদীয়ে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভাগ লয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কোহলীক ফিটনেছৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷প্ৰধানমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত কোহলীয়ে বৰ্তমান সময়ত ফিটনেছ অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰি বৰ্তমান সময়ত ফিটনেছ নহ’লে মগজু আৰু শৰীৰৰ মাজত সমন্বয় ৰক্ষা কৰা সহজ নহয় বুলি মন্তব্য কৰে ৷

আনহাতে, কোহলীয়ে ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্ব লোৱাৰ পাছত দলত ফিটনেছক অধিক গুৰুত্বপূৰ্ণ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আহিছে যাৰ প্ৰভাৱ বৰ্তমান ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ওপৰত পৰিছে বুলিও কোহলীয়ে কয়।

কোহলীয়ে কয় “প্ৰথমতে মই খেলৰ কাৰণে ফিটনেছ আৰম্ভ কৰিছিলো। কিন্তু এতিয়া মই অনুশীলন কৰিব নোৱাৰিলে সিমান বেয়া নালাগে ৷যিমান শৰীৰ চৰ্চা কৰিবলৈ নাপালে বেয়া লাগে ৷”

Exit mobile version