লাডাখ সীমান্ত অভিমুখী শংকিত চীনা সৈন্যৰ কান্দোনৰ ভিডিঅ’ক লৈ চাঞ্চল্য

Screenshot 136

সাংঘাটিক ধৰণে ভাইৰেল হৈছে এটা ভিডিঅ’ ৷ ইয়াত দেখা গৈছে একাংশ তৰুণ চীনা সৈন্যই উচুপি উচুপি কান্দিছে আৰু আগবাঢ়িছে ভাৰত-চীন সীমান্তলৈ। এই সৈনিকসকল হৈছে চীনৰ পি এল এ বাহিনীত নতুনকৈ অন্তর্ভুক্ত হােৱা চফল ডেকা। কান্দি কান্দি আৰু গীত গাই আগবাঢ়িছে তেওঁলােকে। এই গীতটো হৈছে ‘গ্রীণ ফ্লাৱাৰ্ছ ইন দ্য আর্মী’ (সেনাবাহিনীত সেউজীয়া ফুলবােৰ)।

ভিডিঅ’ৰ অৰ্থ এনে যে চীনৰ পিপলছ লিবাৰেছন আর্মী (পি এল এ)ৰ এই বাহিনীক চীনৰ ভাৰত আগ্রাসনৰ দুঃসাহসিক ব্যর্থ অভিযানত চামিল হ’বলৈ লাখলৈ প্ৰেৰণ কৰা হৈছে আৰু চৰকাৰৰ এই পদক্ষেপক লৈ তেওঁলােক সুখী নহয়। এই তৰুণ পি এল এ সদস্যসকল অতি চাপ আৰু সংশয়ৰ মাজত আছে আৰু ভাৰতীয় সেনাৰ সাহসিকতাত শংকিতও।

এই ভিডিঅ’ৰ বহু ব্যাখ্যা কৰা হৈছে। ভাৰতীয় বাহিনীৰ সাহসী স্থিতিৰ স’তে পি এল এৰ কোনাে তুলনা নহয় আৰু এই কথা চীনা কর্তৃপক্ষই মানি ল’বলৈ অস্বীকাৰ কৰিব পাৰে, কিন্তু চীনা সৈনিকে নিশ্চিতভাৱে জ্ঞাত যে আগন্তুক অসহনীয় কঠোৰ শীতৰ বতৰত লাডাখত নিজকে বৰ্তাই ৰখা অতি কঠিন হ’ব। যােৱা এপ্রিলৰ পৰা ভাৰত আৰু চীনৰ মাজত আৰম্ভ হৈছে গুৰুতৰ সংঘর্ষ।

দুই দেশৰ মাজৰ প্ৰকৃত নিয়ন্ত্রণৰেখা (এল এ চি)ক লৈ থকা চুক্তি ভংগ কৰি পি এল এৰ বাহিনীয়ে ভাৰতীয় ভূমিত আগ্রাসন চলােৱাক লৈ এই সংঘাতৰ আৰম্ভণি হয়। ভাৰতীয় সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে চীনা বাহিনীক এসেকা দিয়াৰ পাছত আতংকিত বেইজিঙে সীমান্তত সেনাবল বৃদ্ধি কৰিবলৈ ধৰে । পাকিস্তানী ব্যংগকাৰ জাইদ হামিদে ২০ ছেপ্টেম্বৰত ফেচবুকত এটা ভিডিঅ’ প’ষ্ট কৰে যত দেখা যায় কে’বাজনাে নৱনিযুক্ত পি এল এই লাডাখলৈ যােৱা বাটত কান্দিছে।

এই ভিডিঅ’টোৰ বৈধতা জাহিৰৰ বাবে চীনে টুইটাৰত পুনৰ ইয়াক প’ষ্ট কৰে আৰু কয় যে বাছত উঠাৰ পাছত তেওঁলােকক কোৱা হৈছে যে সমুখৰ সমৰলৈ যাব লাগিব আৰু সেয়ে তেওঁলােক কান্দিছে। টাইৱান নিউজত এই বাতৰি প্ৰকাশ পাইছে। এই নৱনিযুক্তসকল কলেজীয়া ছাত্র আৰু ইয়াৰ মাত্র পাঁচজনে লাখ সীমান্তৱর্তী তিব্বতত সেৱা আগবঢ়াবলৈ ইচ্ছা প্রকাশ কৰিছে । এই দলটো প্রায় ১০ জনীয়া হ’ব। টাইৱান নিউজৰ মতে, এই ভিডিঅ’ৰ শ্বট লােৱা হৈছে দলটো হেবেই প্ৰদেশৰ সেনাশিবিৰলৈ গৈ থকা অৱস্থাত ফুয়াং ৰেল ষ্টেছনত।

ইপিনে, চীনা সংবাদ মাধ্যমৰ দাবী অনুসৰি, চীন আৰু টাইৱানৰ সংবাদ মাধ্যমৰ মাজত আৰম্ভ হৈছে এক উদ্ভট যুঁজ। বেইজিঙৰ মতে, চীনৰ পূব প্ৰান্তৰৰ প্ৰদেশ আনহুইৰ এক স্থানীয় নেটৱর্কে অনলাইনত বিগত সপ্তাহত বাছৰ ভিতৰৰ তৰুণ সৈনিকৰ ভিডিঅ’ প্রদর্শন কৰিছিল। কিছু সৈনিক আৱেগিক হৈ আছিল আৰু কিছুমানে কান্দিছিল। সিহঁতে গাইছিল বিখ্যাত চীনা সামৰিক গীতটি। চীনা বিৰােধী স্থিতিৰ বাবে টাইৱানৰ সংবাদ মাধ্যম লিবার্টী টাইমছ আৰু টাইৱানৰ নিউজে সৈনিক ক্রন্দনক হাঁহিয়াৰ পাত্ৰ কৰি তুলিছে।

পূব লাডাখত নিযুক্তিৰ বাবে ভীতিগ্রস্ত হােৱা বুলি কৈছে। এই ভাষ্য বেইজিঙৰ। পাকিস্তানী ব্যংগকাৰ হামিদে তাৎপর্যপূর্ণভাৱে চীনৰ সকলাে অনলাইন মঞ্চত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে । টাইৱান নিউজৰ মতে হামিদে চীনা বাহিনীটোক হাস্যৰসৰ খােৰাক যােগােৱাৰ লগতে কৈছে— “আমি পাকিস্তানীয়ে চীনক সমর্থন কৰাে । সাহস বান্ধি ৰাখিবা ।”

চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছৰ মতে সেই সময়ত পিতৃ-মাতৃক বিদায় সম্ভাষণ জনাই থকা দলটোৱে গাইছিল বিখ্যাত গীতটি – “ঘৰলৈ যােৱা আৰু কৰ্ম আনন্দ উপভােগ কৰা। চীনৰ সংবাদমাধ্যমৰ স্থিতি টাইৱানৰ সম্পূর্ণ বিপৰীত ।” গ্ল’বেল টাইমছৰ মতে এই ভিডিঅ’ ভাৰতৰ বহুতে টুইটাৰত প’ষ্ট কৰিছে।

Exit mobile version