শুক্ৰবাৰে বিপিএফে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিখন জিলাত উলিয়াব সমদল

images 1

বিটিচিত অতিশীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিপিএফ দলৰ। শুক্ৰবাৰে জিলাই জিলাই বিপিএফ দলে সমদল কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ‍্য মন্ত্ৰী আৰু নিৰ্বাচন আয়ুক্তক স্মাৰক প্ৰদান কৰিব ৷ তেওঁলোকৰ দাবী বিটিচিত অতি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বিটিচিত ৰাজ‍্যপালৰ শাসনৰ ম‍্যাদ বৃদ্ধি নকৰা ।

বিপিএফৰ এটা সূত্ৰই প্ৰকাশ কৰে যে বিটিচিত বিগত সময়ছোৱাত ৰাজ‍্যপালৰ শাসনৰ ফলত উন্নয়ন স্থবিৰ হৈ পৰিছে। ক’ভিডৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই দিয়াৰ ফলত প্ৰায় ছমাহ কাল নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ ফলত ব‍্যাপক ক্ষতিৰ সন্মুখীন হৈছে বিটিচিবাসী জনসাধাৰণৰ।

সেয়ে অতি সোনকালে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰি উন্নয়নৰ কাম ত্বৰান্বিত কৰা আৰু বিটিচিত চলি থকা ৰাজ‍্যপালৰ শাসনৰ সময় ছমাহ পাৰ হোৱাৰ লগে লগেই ইয়াৰ অন্ত পেলোৱাৰ দাবী উত্থাপন কৰিছে বিপিএফ দলে । শুক্ৰবাৰে চিৰাং জিলা বিপিএফৰ কাৰ্য‍্যালয়ৰ পৰা ক’ভিডৰ নীতি নিয়ম মানি এশ জন লোকে সমদল কৰি জিলা উপায়ুক্তৰ জৰিয়তে পুৱা দহ বজাত স্মাৰক প্ৰদান কৰিব বুলি বিপিএফ দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।

Exit mobile version