চিৰাঙৰ কাজলগাঁও পৌৰ সভাৰ ২নং ৱাৰ্ডৰ বৰতালোৱা বজাৰৰ পদ পথত গছপুলি ৰোপন

WhatsApp Image 2020 09 24 at 12.03.23 PM

আজি চিৰাং জিলাৰ বৰতালোৱা বজাৰত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলাখনৰ কাজলগাঁও পৌৰ সভাৰ অন্তৰ্গত ২নং ৱাৰ্ডৰ বৰতালোৱা বজাৰৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাই পথৰ উপ পথত গছপুলি ৰোপন কাৰ্য‍সূচি ৰূপায়ণ কৰা হয় ।

চিৰাং জিলা বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীৰ অনুপ্ৰেৰণাত বৰতালোৱা বজাৰৰ ব‍্যৱসায়িক সন্থাৰ উদ‍্যোগত আৰু ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাৰ সহযোগত এই গছপুলি ৰোপন কাৰ্য‍সূচী ৰূপায়িত হয় ।

আৰক্ষী বিষয়া বিজিত দাধৰাই শুভাৰম্ভ কৰা গছপুলি ৰোপন কাৰ্য‍সূচিত অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইচলামসহ বহু কেইজন বিশিষ্ট লোকে এই গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই গছপুলিসমূহ ৰোপনৰ ফলত বৰতালোৱা বজাৰত ৰ’দৰ সময়ত ছাঁ পৰিব আৰু পৰিৱেশৰ প্ৰতিও ইয়াৰ প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰিছে বৰতালোৱা ব‍্যৱসায়িক সন্থাৰ সভাপতি আব্দুল মালেক আহমেদে ।

তেওঁ লগতে জনায় যে, ৰাষ্ট্ৰীয় ঘাই পথ আৰু ইয়াৰ উপ পথৰ কাষৰীয়া ঠাই সমূহত ব‍্যাপক হাৰত গছপুলি ৰোপনৰ কাৰ্য‍সূচী হাতত লোৱা হ’ব বুলি । লগতে পৰিৱেশ ৰক্ষাৰ বাবে সকলো লোককে গছপুলি ৰোপনৰ বাবে আগবাঢ়ি আহি সকলো ঠাইত গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। বিশেষকৈ চৰকাৰলৈ দাবী জনায় সকলো চাকৰিয়াল লোকক বছৰেকত কমপক্ষে দহ ডাল গছপুলি ৰোপনৰ বাবে বাধ‍্য কৰাবলৈ ।

Exit mobile version