গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৃহত্তৰ ডিমৰীয়া-আঞ্চলিক সমিতি গঠন

WhatsApp Image 2020 09 25 at 2.06.15 PM

ৰাজ্যখনৰ থলুৱা ইছলাম ধৰ্মীসকলক নেতৃত্ব দি অহা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে কামৰূপ মহানগৰ জিলাত সংগঠনটো অধিক বিস্তাৰ কৰি সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে । অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মীসকলৰ ন্যায় আৰু অধিকাৰৰ বাবে যুঁজি থকা সংগ্ৰামখনক আগুৱাই নিয়াৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলাৰ সকলো থলুৱা ইছলামধৰ্মীক একত্ৰিত আৰু সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰত এখন বিশেষ সভা অনষ্ঠিত কৰা হয় ।

সোণাপুৰ-ডিমৰীয়া অঞ্চলৰ জ্যেষ্ঠনাগৰিক আৰু যুৱ-ছাত্ৰ সমাজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত সংগঠনটোৰ ডিমৰীয়া-সোণাপুৰ আঞ্চলিক সমিতি গঠন কৰা হয় । গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যকাৰী সম্পাদক চৈয়দ আহমেদৰ উপস্থিতিত অনুষ্ঠিত সভাত আবজাল আলীক সভাপতি আৰু শ্বাহবাজ আলীক সম্পাদক হিচাপে লৈ বৃহত্তম ডিমৰীয়া-সোণাপুৰ আঞ্চলিক সমিতি গঠন কৰা হয় ।

ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সংগঠনটোৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যকাৰী সম্পাদক চৈয়দ আহমেদে ৰাজ্য চৰকাৰে ঘোষণা কৰা সুকীয়া জৰীপ আৰু আৰ্থ-সামাজিক পেকেজ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায় । অন্যথা অসমৰ গৰিয়া-মৰিয়া-দেশীসকল বহি নাথাকো বুলি হুংকাৰ প্ৰদান কৰে ।

Exit mobile version