গৰ্ভধাৰণেই আসক্তিত পৰিণত ১৫ সন্তানৰ ৩৮ বছৰীয়া জননীৰ

Screenshot 142

সন্তান ঈশ্বৰৰ দান। সেয়ে ইয়াত বাধা দিয়াৰ কথা নাহে। জন্ম নিয়ন্ত্রণ প্রকৃতিৰ বিৰুদ্ধ কার্য বুলিয়েই জ্ঞান কৰে আমেৰিকাৰ নর্থ কেৰ’লিনাৰ এক দম্পতীয়ে। সেই বাবেই এতিয়া সন্তান জন্ম দিয়া আৰু লালন-পালন কৰা কাৰ্য উক্ত দম্পতীৰ বাবে আসক্তিস্বৰূপ হৈ পৰিছে। সন্তান ঈশ্বৰ দান বুলি থকা ধাৰণাৰ বশৱৰ্তী হৈয়েই এই দম্পতীয়ে ইতিমধ্যে ১৫টি পুত্র-কন্যা জন্ম দিছে। ইয়াতে ক্ষান্ত নাথাকি নিজৰ ১৬ সংখ্যক সন্তানক আদৰাৰ বাবে সাজু হৈছে কার্লোছ হের্ণাণ্ডেজ (৩৭) আৰু তেওঁৰ পত্নী পেটি হের্ণাণ্ডেজ (৩৮)।

আচৰিত কথা যে ১৫ নম্বৰ সন্তান ভূমিস্থ হােৱাৰ মাত্র তিনি মাহৰ পাছতে পুনৰ গৰ্ভধাৰণ কৰিলে মহিলাগৰাকীয়ে । সম্প্রতি হেৰ্ণাণ্ডেজ দম্পতীৰ বাসগৃহত উপস্থিত হলে যিকোনাে লােকৰে শিশু বিদ্যালয়লৈ অহা যেন অনুভৱ হ’ব। উৎপাত-হুলস্থুল লাগিয়েই থাকে। এতিয়াই যদি মাৰপিট লাগে, আকৌ কিছু সময়ৰ পাছতে আৰম্ভ কৰে চিঞৰ-বাখৰ । এটি শিশুৰ ঠেহ ভঙাৰ লগে লগে আৰম্ভ হয় আন এটি । তৎসত্ত্বেও পিতৃ-মাতৃয়ে কোনাে ক্লান্তি অনুভৱ নকৰে । সন্তান জন্ম দিয়া আৰু লালন-পালন কৰাটো যেন হেৰ্ণাণ্ডেজ দম্পতীৰ বাবে একপ্রকাৰৰ নিচা । ইয়াতেই তৃপ্তি পায় তেওঁলােকে ।

২০০৮ত পেটিয়ে প্রথম মাতৃত্ব অর্জন কৰিছিল । ইয়াৰ পাছত মাত্র ১২ বছৰতে তেওঁলােক ১৫টি সন্তানৰ পিতৃ-মাতৃ হােৱাৰ উপৰি এতিয়া ১৬ নম্বৰৰ শিশুলৈ অপেক্ষা কৰি আছে। হের্ণাণ্ডেজ দম্পতীৰ বাসগৃহত মুঠ পাঁচটা কোঠা আছে। তেওঁলােকৰ সকলাে পুত্র-কন্যাৰ এক বিশেষ মিল আছে। ঘৰৰ মূল ব্যক্তিজনৰ নাম যিহেতু কার্লোছ, সেয়ে সকলাে সন্তানৰ নাম আৰম্ভ হৈছে ইংৰাজীৰ ‘চি’ বর্ণটোৰে। ক্রিস্টোফাৰ, কালা, কেলভিন, কেৰ’লিন আদি।

যিসকলে এটি-দুটি সন্তানক ডাঙৰ-দীঘল কৰােতেই হাবাথুৰি খায়, ইমানবােৰ ল’ৰা-ছােৱালী কিদৰে লালন-পালন কৰিব পাৰি সেই কথা তেওঁলােকে কল্পনাই কৰিব নােৱাৰে । এই সন্দৰ্ভত পেটিয়ে কয় যে, কামটো যথেষ্ট কঠিন । জন্ম দিয়াৰ পৰা আৰম্ভ কৰি লালন-পালন কৰালৈকে সকলােবােৰেই কষ্টকৰ কাম। কিন্তু সেই কষ্টৰ মাজতেই তেওঁলােকে আনন্দ পায়। ডাঙৰ সন্তান কেইটিয়েও শিশুকেইটিক চোৱা-চিতাৰৰ কাম কৰে।

পেটিয়ে লগতে জনাইছে যে ইয়াৰ বাবে তেওঁলােকৰ মাহিলি খৰচো অনেক বেছি। সপ্তাহত কেৱল ডায়েপাৰৰ বাবদেই ব্যয় হয় প্রায় পাঁচশ ডলাৰ। উল্লেখ্য যে বহু সন্তান জন্ম দিয়াৰ বাবে পেটি ২০১৯তে বাতৰিৰ শিৰােনামলৈ আহিছিল। তেতিয়া তেওঁ আছিল ১৩ সন্তানৰ মাতৃ ৷ ইয়াৰ পাছত তেওঁ আৰু দুটি সন্তান জন্ম দিয়ে । ২০১৯ৰ মে’ত জন্ম হয় চার্লি। সেই চার্লিৰাে ভনীয়েকৰ জন্ম হয় যােৱা এপ্রিলত। কৰ’না পৰিস্থিতিৰ মাজতেই কার্লোছ আৰু পেটিৰ সংসাৰলৈ আহে ১৫ নম্বৰ সন্তান ক্রিষ্টেল । সেই কৰ’নাই বিদায় লােৱাৰ পূর্বেই পেটিৰ গৰ্ভত স্থান লয় আন এটি ভ্ৰূণে ।

হের্ণাণ্ডেজ দম্পতীৰ ১৫ সন্তানৰ ভিতৰত ১০গৰাকী ছােৱালী আৰু পাঁচজন ল’ৰা। ইয়াৰ ভিতৰত পেটিয়ে তিনিবাৰ যমজ সন্তান জন্ম দিয়ে। লক্ষ্যণীয়ভাৱে বহুতেই এই কথা বিশ্বাস কৰিবলৈ টান পায়। পেটিয়ে কয় যে ইমানবােৰ সন্তানৰ মাতৃ হ’ব বুলি তেওঁ নিজেও কল্পনা কৰা নাছিল। বহুতেই হেনাে তেওঁক প্রশ্ন কৰে, ‘এইসমূহ কি তােমাৰেই সন্তান?’ পেটিয়ে জনাইছে যে প্রথম ফালৰ ল’ৰা-ছােৱালীসমূহ এতিয়া যথেষ্ট ডাঙৰ হৈছে। ডাঙৰ সন্তানসকলে সংসাৰৰ কাম-কাজতাে হাত উজান দিয়ে। লগতে শিশু ভ্রাতৃ-ভগ্নীসকলকো চোৱা-চিতা কৰে।

কামাে কম নহয়। ইমানবােৰ ল’ৰা-ছােৱালীৰ বাবে ৰন্ধা-বঢ়াতাে আছেই, তাৰ লগতে কাপােৰ-কানি সলােৱা, ধােৱা, ডাঙৰ ঘৰটো পৰিষ্কাৰ কৰা, খেলনাবােৰ সামৰি থােৱা আদি কাম আছেই। শিশুহঁতে দিনে-নিশাই বস্তু-বাহানি খেলিমেলি লগাই থাকে। বহু সন্তানক খুৱাই দিবলগীয়াও হয়। পেটিয়ে কয় যে স্কুল বাছ ঘৰৰ সন্মুখলৈকে আহে। ডাঙৰ লৰা-ছােৱালীকেইটা স্কুললৈ যােৱাৰ পাছত তেওঁ কিছু সকাহ পায়। উল্লেখ্য যে ‘পৰিয়াল পৰিকল্পনা’ শব্দ দুটা যেন হেৰ্ণাণ্ডেজ দম্পতীয়ে বিশ্বাসেই নকৰে।

পেটিয়ে কয়, ‘আমি কেতিয়াও একো ধৰণৰ জন্ম নিৰােধক ব্যৱহাৰ নকৰে। কাৰণ আমি সকলােবােৰ ঈশ্বৰৰ হাতত এৰি দিছাে। তেওঁ আমাক যিমান সন্তান দিব বিচাৰে, আমি তাতেই আনন্দিত। সন্তান আমাৰ বাবে আচলতে ঈশ্বৰৰ আশীর্বাদ। সন্তান তেওঁলােকৰ সংসাৰলৈ আৰু আহিব পাৰে। সেয়ে হের্ণাণ্ডেজ পৰিয়ালৰ যিখন ১৬খন আসনবিশিষ্ট বাছ আছে, সেইখন সলনি কৰিব বিচাৰিছে কার্লোছে। কাৰণ বাছৰ আসনৰ সমস্যা হৈছে। সেয়ে এখন ডাঙৰ বাছ ক্রয়ৰ পৰিকল্পনা কৰিছে হের্ণাণ্ডেজ দম্পতীয়ে।

Exit mobile version