চৰকাৰে বড়ো আন্দোলনকাৰী সকলৰ স’তে বিটিআৰ চুক্তি কৰি বিটিআৰৰ জন্ম দিছে, ইয়াক লালন পালনৰ দায়িত্ব চৰকাৰৰ- ৰণগৌৰা নাৰ্জাৰী

Screenshot 150

“ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰী সকলৰ মাজত ২৭ জানুৱাৰীত চুক্তি স্বাক্ষৰিত হৈছিল । সেই অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স’তে আলোচনা কৰাৰ পিছত আমি অসম চৰকাৰৰ মুখপাত্ৰই চুক্তিৰ দফা সমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে । অসমত অসমীয়াৰ লগতে বড়ো ভাষাও সহকাৰী ভাষা হিচাপে কাৰ্যকৰী কৰা, বিটিচিক চুক্তি অনুসৰিয়ে বিটিআৰ কৰা হ’ল, গাঁও কৰ্তন বা অন্তৰ্ভূক্ত কৰাক লৈ কমিটি গঠন কৰাৰ কথা আছিল সেয়াও হ’ল ।” আজি চিৰাং জিলাৰ সদৰস্থিত জিলা ইউপিপিএলৰ কাৰ্যালয়ত দলৰ উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে কয় এনেদৰে ।

তেওঁ লগতে কয় যে বিটিচি নিৰ্বাচনৰ সন্দৰ্ভত কোনো কথা নাই। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে হোৱা চুক্তি মতে বিটিআৰ গঠন কৰাৰ পিছত ইয়াৰ লালন-পালনৰ দায়িত্ব চৰকাৰৰ । সেয়াই হৈ আছে। অন্যান্য দফা সমূহো অতিশীঘ্ৰেই কাৰ্যকৰী কৰাটো আমি বিচাৰো । ইয়াক সকলোৱে আদৰি ল’ব লাগে । কিন্তু বিপিএফে নিজে সাক্ষী হৈ চুক্তি স্বাক্ষৰিত কৰি ইয়াৰ বিপৰীতে কৈছে । সেয়া বিটিআৰৰ ৩৫ লাখ জনতাই দেখি আৰু শুনি আছে । ৰাইজে বিচাৰ কৰিব । আমি ইউপিপিএল দলে অসম চৰকাৰৰ ঘোষণাক আদৰণি জনাইছো ।

আনহাতে, ভাৰতৰ অন্যান্য ঠাইত নিৰ্বাচন অনুষ্ঠিত হৈছে, বিহাৰৰ নিৰ্বাচন ঘোষণা হৈছে । গতিকে সেই অনুপাতে বিটিচিৰ নিৰ্বাচনো অনুষ্ঠিত হোৱাটো বিচাৰিছে ইউপিপিএলে ।

Exit mobile version