জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Screenshot 144

■ বড়ো চুক্তি ক্ষিপ্ৰ ৰূপায়নৰ চেষ্টা ।
■ অসমত আজিৰ দিনটো লৈকে কৰ’নাত আক্ৰান্ত প্ৰায় ২৯,৮৩০ জন চিকিৎসাধীন হৈ আছে ।
■ ৰাজ্যত কৰ’নাত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬০৮ জনলৈ বৃদ্ধি পাইছে আৰু সুস্থতাৰ হাৰ ৮১.৬% ভৰি দিছে ।
■ ৩০ লাখতকৈ অধিক ক’ভিড টেষ্ট সম্পন্ন হৈছে ।
■ দেশৰ ভিতৰতে সৰ্বনিম্ন হাৰত মৃত্যু হৈছে অসমত ।
■ এদিনত কৰ’নাত আক্ৰান্ত ২,৪০০ নতুন ঘটনাৰ তথ্য পোৱা গৈছে।
■ এতিয়ালৈকে ১,৮৬৬ জন লোকে প্লাজমা থেৰাপী লাভ কৰিছে।
■ শিলচৰত কাইলৈ মুকলি কৰা হ’ব  ৪০খন বিছনা যুক্ত আই চি ইউ ।
■ GMCH বা MMCH ত বিচনাতকৈ ৰোগীৰ সংখ্যা কম । গতিকে এই সন্দৰ্ভত চিন্তাৰ কাৰণ নাই । GMCH ত ৮৮১ বিছনা আছে আৰু তাৰ বিপৰীতে ৰোগী আছে ৭৪৯ জন ।
■ NHM আৰু স্বাস্থ্য বিভাগে ইতিমধ্যে এক কাৰ্যসূচী গ্ৰহণ কৰিছে । য’ত অসমৰ ৩০ হেজাৰ আশাকৰ্মীয়ে জনজাগৰণ সপ্তাহ নামেৰে এটা সপ্তাহ পালন কৰিছে আৰু প্ৰতিগৰাকী আশাই প্ৰত্যেকৰ ঘৰে ঘৰে গৈ মাস্ক ব্যৱহাৰ আৰু সামাজিক দূৰত্বৰ সম্পৰ্কত ৰাইজক অৱগত কৰিছে ।
■ মাহৰ ২৮,২৯ আৰু ৩০তাৰিখে প্ৰতিদিনে ১ লাখকৈ টেষ্ট কৰা হ’ব ।
■ অসম ৰাজ্যিক পৰিবহন নিগম আৰু স্বাস্থ্য বিভাগে যুটীয়াভাৱে প্ৰস্তুত কৰা visit assam.Org এপটো ব্যৱহাৰ কৰি বিমান বন্দৰৰ প্ৰয়োজনীয় ফৰ্ম ফিল আপ কৰিব পাৰিব।
■ AIR পেচেঞ্জাৰসকলে এন্টিজেন টেষ্ট কৰাৰ পাছত নিগেটিভ হ’লেও ১০ দিন হোম কোৱাৰেন্টাইনত থকাৰ নিয়ম প্ৰত্যাহাৰ কৰা হৈছে, তাৰ পৰিৱৰ্তে তেওঁলোকক এন্টিজেন টেষ্টৰ উপৰিও আৰটিপিচিআৰ টেষ্ট কৰা হ’ব ।
■ আৰটিপিচিআৰৰ ৰিজাল্ট ২৪ ঘণ্টাত ৰিজাল্ট পাবলৈ লাগিব ২২০০ টকা ।
■ আৰটিপিচিআৰৰ ৰিজাল্ট বিনামূলীয়াকৈ পাবলৈ অপেক্ষা কৰিব লাগিব তিনিদিন আৰু তেতিয়ালৈ কোৱাৰেণ্টাইনত থাকিব লাগিব।
■ অসম আৰক্ষীৰ সকলো জোৱান আৰু কনিষ্টবলে প্ৰতিমাহে অসম চৰকাৰৰ পৰা ৰেচনৰ খৰছৰ পৰিমাণ ১২০০ টকাৰ পৰা ২০০০টকালৈ বৃদ্ধি কৰা হৈছে আৰু এই নিয়ম প্ৰযোজ্য হ’ব ১ অক্টোবৰৰ পৰা ।
■ চাহ বাগিচাৰ বাবে চাৰিটাকৈ আঁচনি ঘোষণা।
■ প্ৰতিকেজি অৰ্থডক্স চাহৰ বাবে ৭ টকা ৰাজসাহাৰ্য চৰকাৰৰ । আনহাতে, অৰ্থডক্স চাহ প্ৰস্তুতৰ মেচিন কিনিবলৈ ২৫% ৰেহাই দিয়া হ’ব।
■ ৩০ নৱেম্বৰলৈ বিটিচিৰ নিৰ্বাচন নহয় ।
■ BTADপৰিচিত হ’ব BTR ৰূপে ।

Exit mobile version