ডিমৰীয়া মহাবিদ্যালয়ক তিনি দিনৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা

123597 coronavirus 2

বৃহত্তৰ ডিমৰীয়াৰ অন্যতম উচ্চশিক্ষানুষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা সহ ২১ জনৰ শৰীৰত ক’ভিড-১৯ৰ অৱস্হিতি ধৰা পৰাৰ পিছত মহাবিদ্যালয়খনত ভয়াৱহ পৰিৱেশে বিৰাজ কৰিছে । প্ৰাপ্ত তথ্য মতে, যোৱা ২৩ ছেপ্টেম্বৰত মহাবিদ্যালয় খনৰ ৬৮ গৰাকী লোকৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰা হৈছিল ।

ইয়াৰ পাছত অহা ফলাফলত ২১জনৰ শৰীৰত ক’ভিড-১৯ৰ অৱস্হিতি ধৰা পৰে । উল্লেখ্য যে, মহাবিদ্যালয় খনৰ কেণ্টিনৰ গৰাকী আৰু এগৰাকী কৰ্মচাৰীৰ শৰীৰতো ক’ভিডৰ অৱস্হিতি ধৰা পৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰো শৰীৰত মাৰাত্মক ভাইৰাছ বিধৰ সংক্ৰমণ হ’ব পাৰে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে মহাবিদ্যালয়খনত অহা ২৮ ছেপ্টেম্বৰৰ পৰা স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব । এই ক্ষেত্ৰত শিক্ষা বিভাগে যথোপযুক্ত ব্যৱস্হা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে অভিমত ব্যক্ত কৰিছে ।

ইপিনে মহাবিদ্যালয় খনৰ সৈতে জড়িত ২১গৰাকী লোকৰ মাজত কৰ’না সংক্ৰমণ ঘটাত জিলা প্ৰশাসনে আজি মহাবিদ্যালয় খন তিনি দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ফলক আঁৰি দিয়ে । ইয়াৰ সমান্তৰালকৈ মহাবিদ্যালয়ৰ দাঁতি কাষৰীয়া অঞ্চলত আজিৰে পৰা স্বাস্থ্যকৰ্মী সকলে কৰ’না পৰীক্ষা কৰাৰ বাবে যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰিছে।

Exit mobile version