পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত নতুন কৃষি বিধেয়কৰ বিৰোধিতাৰে তীব্র প্ৰতিবাদ কৃষকৰ

WhatsApp Image 2020 09 25 at 3.32.47 PM

হাৰিয়ানাকে ধৰি পঞ্জাৱ আৰু দেশৰ কে’বাখনো ৰাজ্যত নতুন কৃষি বিধেয়কৰ বিৰোধিতাৰে কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । ৰাজপথ আৰু ৰেলপথসমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে । হাজাৰ হাজাৰ কৃষকে কৃষি বিধেয়কৰ বিৰোধিতাৰে উগ্ৰ বিৰোধ প্ৰদৰ্শনৰ আৰম্ভ কৰাৰ বাবে সম্প্ৰতি অতিৰিক্ত আৰক্ষীক মোতায়ন কৰা হৈছে । লগতে ৰাজ্যৰ কিছু কিছু সীমাৰ অঞ্চল ছিল কৰি দিয়া হৈছে ।

আনহাতে, এই বিধেয়ক বাতিল নকৰা পর্যন্ত তেওঁলোকৰ আন্দোলন তীব্রতৰ হৈ থাকিব বুলি হুংকাৰ দিছে কৃষকসকলে । কংগ্ৰেছ, আৰজেডি আৰু তৃণমূলৰ দৰে বিৰোধী দলৰ লগতে ১০ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে কৃষকসকলক সমৰ্থন কৰি মাত মাতিছে ।

চাওঁ আহক নতুন কৃষি বিধেয়কৰ সন্দৰ্ভত কেইটামান শেহতীয়া তথ্য-

■আজি বিজেপি নেতাসকলৰ মাজত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ইতিহাসৰ সৃষ্টি কৰিছে । এই সংশোধিত বিধেয়কখনৰ দ্বাৰা কৃষকসকল লাভৱান হ’ব’ । লগতে কয় যে, ‘যিসকলে কৃষকসকলক মিছা কৈছে তেওঁলোকে কৃষকসকলৰ কান্ধত বন্দুক থৈ গুলি মাৰিছে’ ।
■ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়া সত্বেও সমগ্র দেশজুৰি আন্দোলন তীব্রতৰ হৈ উঠিছে । প্ৰধানকৈ পাঞ্জাৱ আৰু হাৰিয়ানাকে ধৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ আৰু কৰ্ণাটকত ব্যাপক ৰূপত আন্দোলন আৰম্ভ হৈছে ।
■ ভাৰতীয় কিষান ইউনিয়ন বেনাৰৰ অন্তৰ্গত ৩১ টা কৃষকৰৰ সমূহে পঞ্জাৱত সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে ।
■ অমৃতসৰ আৰু ফিৰোজপুৰ জিলাত বৃহস্পতিবাৰে কৃষকসকলে ৰেলৰ ট্ৰেকত বহি প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ ফলস্বৰূপে সেই স্থানত যান বাহনৰ সমস্যাই দেখা দিছে । ইয়াৰ কাৰণে ৰেল বিভাগে ফিৰোজপুৰৰ সকলো ৰেলসেৱা বাতিল কৰে ।
■ কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীয়ে নতুন কৃষি বিধেয়কৰ সন্দৰ্ভত আজি পুনৰ টুইট কৰি কয় যে, ‘নতুন কৃষি বিধেয়কখনে আমাৰ কৃষকসকলক গোলাম বনাব ।’

Exit mobile version