- অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ ।
- অভিযুক্ত জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ কৰে তিনিচুকীয়াৰ আৰক্ষীয়ে।
- পলাতক হৈ থকা জয়দেৱ বৰুৱা আজি পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
- জয়দেৱ বৰুৱা ২০১২ চনৰ পৰা গুৱাহাটীৰ হোটেল ভাৰ্গৱ গ্ৰুপৰ একাউন্ট মেনেজাৰ আছিল । জয়দেৱৰ ঘৰ গুৱাহাটীৰ চান্দমাৰীত ৷
- সম্প্ৰতি তিনিচুকীয়াৰ সদৰ থানাৰ আলহী ধৃত জয়দেৱ বৰুৱা ৷
- জয়দেৱ বৰুৱাৰ পৰা আৰক্ষীয়ে ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা ।
- ইতিমধ্যে তিনিচুকীয়াৰ সদৰ থানাৰ পৰা গুৱাহাটীলৈ CIDয়ে লৈ আহিছে ৷
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ
