গুগল প্লে-ষ্ট’ৰত উপলব্ধ এই ১৫ এপছে চুৰি কৰিব পাৰে আপােনাৰ বেংক একাউণ্টৰ ধন

Google play store

এনড্র’ইড ম’বাইল ফোনত বিভিন্ন এপছ ব্যৱহাৰ কৰা হয় । সাধাৰণতে স্মার্টফোন ব্যৱহাৰকাৰীয়ে গুগল প্লে- ষ্টৰক অধিক নিৰাপদ বুলি ভাবি প্রয়ােজনীয় এপছ সমূহ ডাউনলােড কৰি লয় । এনড্র’ইড এপ আৰু ‘ডেটা লিক’ৰ এক গভীৰ সম্পর্ক আছে । বর্তমানৰ সময়ত অসংখ্য ‘মেলৱেৰ এপ একাংশ দুষ্টচক্রই তৈয়াৰ কৰি স্মার্টফোন ব্যৱহাৰকাৰীৰ ম’বাইলৰ জৰিয়তে ধন চুৰি কৰি আহিছে । এই ক্ষেত্ৰত বিশেষভাৱে দুষ্টচক্রই বিভিন্ন বেংকিং এপ ব্যৱহাৰ কৰিছে ।

ছিকিউৰিটী প্রতিষ্ঠান ছ’ফুছে এই ধৰণৰ ২০ টা ম’বাইল এছৰ এখন তালিকা প্রকাশ কৰিছে আৰু এইসমূহ ম’বাইল এপছে ব্যৱহাৰকাৰীৰ অজ্ঞাতে একাউণ্টৰ পৰা ধন লুট কৰি আহিছে। গুগল প্লে-ষ্ট’ৰে সন্দেহজনক বহু এই ধৰণৰ এছ আঁতৰাইছে যদিও এতিয়াও এনে বহু সন্দেহজনক এছ প্লে-ষ্ট’ৰত মজুত আছে । গুগল প্লে-৪’ত উপলব্ধ এনে কেইটামান ক্ষতিকাৰক এপছ হৈছে কমপ্ৰেছ ।

ভিডিঅ’, ডায়েনেমিক ৱালপেপাৰ, গেমেট্রিছ ৱালপেপাৰ, মজিফন্ট, মন্টেজ-হেল্প ইউ মেক কুল ভিডিঅ’জ, মাই ৰেপ্লিকা-২, অল্ড মী-ছিমুলেট অ’ল্ড ফে’চ, ফটো কনভার্টাৰ, প্ৰাংক কল্ড, ৰিক’ভাৰ ডিলিটেড ফটোজ, ফটো বেকআপ, চাছ বাই ইমেজ, ভিডিঅ’ মেজিচিয়ান, এক্সশিপ আৰু জাইনৱ ৱালপেপাৰ । আপােনাৰ ম’বাইলত যদি এনে ধৰণৰ সন্দেহজনক এপছ ইনষ্টল হৈ আছে তেন্তে আজিয়ে সেই এপ আনইনষ্টল কৰক ।

Exit mobile version