পূৰ্ণ গতিত চলিছে ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম

23 09 2020 ayodhya 8 20785646

উত্তৰ প্ৰদেশৰ ৰামনগৰী অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিছে ৷ ইয়াৰ মাজতে এইবাৰ দেশত মূৰ দাঙি উঠিছে আন এক ধৰ্মীয় বিতৰ্কই । কাৰণ মথুৰাত শ্ৰীকৃষ্ণৰ জন্মভূমিকলৈ হোৱা বিতৰ্কই গৰকিছেগৈ স্থানীয় আদালতৰ মজিয়া । মথুৰাৰ আদালতত উত্তৰ প্ৰদেশৰ ৰাজন অগ্নিহোত্ৰী নামৰ লোক জনে এটা গোচৰ ৰুজু কৰিছে ৷ অগ্নিহোত্ৰীৰ অভিযোগ যে যি স্থানত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই স্থানত এটা মন্দিৰ আছিল যদিও সেই স্থানৰ ১৩.৩৭ একৰ মাটি দখল কৰি শাহী দৰগাহ আৰু মছজিদ নিৰ্মাণ কৰা হৈছে।অৱশ্যে এই সন্দৰ্ভত শ্ৰীকৃষ্ণ জন্মভূমি ট্ৰাষ্টৰ মন্তব্য অনুসৰি এই সন্দৰ্ভত তেওঁলোকে একোৱেই জ্ঞাত নহয় ৷

আনহাতে একাংশ বুৰঞ্জীবিদৰ মতে পূৰ্বতে সেই ঠাইত কেশৱনাথ মন্দিৰ আছিল যদিও মোগল সম্ৰাট ঔৰংগজেৱে সেয়া ধ্বংস কৰি তাত মছজিদ নিৰ্মাণ কৰিছিল । আনহাতে ১৯৫১ত শ্ৰীকৃষ্ণ জন্মভূমি ট্ৰাষ্ট নিৰ্মাণ কৰি সিদ্ধান্ত লোৱা হৈছিল যে সেই ঠাইত পুনৰ মন্দিৰ নিৰ্মাণ কৰা হ’ব ৷ আৰু ট্ৰাষ্টে সেই মন্দিৰক চোৱা চিতা কৰিব ৷ ইয়াৰ পাছত ১৯৫৮ত শ্ৰীকৃষ্ণৰ জন্মস্থান সেৱা সংঘ নামৰ এটা সংস্থা গঠন কৰা হৈছিল ৷

আইন অনুসৰি এই সংস্থাটোৰ সেই ভূমিত মালিকাস্বত্ব নাছিল যদিও ট্ৰাষ্টৰ কাৰণে সকলো ভূমিকা গ্ৰহণ কৰিছিল । এই সংস্থাই ১৯৬৪ ত পুনৰ সমগ্ৰ ভূমি নিয়ন্ত্ৰণৰ কাৰণে এটা গোচৰ দাখিল কৰে । কিন্তু ১৯৬৮ত সংস্থাই নিজেই মুছলমানৰ লগত বুজা বুজি কৰিলে ৷ইয়াৰ আধাৰতে মুছলমান পক্ষই মন্দিৰৰ কাৰণে নিজৰ অধীনলৈ অনা অলপ ভূমি মন্দিৰৰ কাৰণে এৰি দিয়ে আৰু মুছলমান পক্ষকো সংস্থাও নিজৰ অলপ ভূমি প্ৰদান কৰে ৷

ইপিনে ১৯৯১ চনৰ ‘Places of Worship (Special Provisions Act)’ আইন মতে স্বাধীনতাৰ পিছত কেৱল অযোধ্যাৰ ৰাম মন্দিৰৰ বাদে আন কোনো মন্দিৰৰ অস্তিত্ব সন্দৰ্ভত কোনো আইনী যুঁজ চলোৱা নাযাব।গতিকে এই আইন থকাৰ পাছত কৃষ্ণ মন্দিৰ সম্পৰ্কীয় গোচৰটো সম্পৰ্কত আদালতে কেনে ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ’ব ।

Exit mobile version