প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

PM wishes Manmohan Singh on his birthday

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে ৷প্ৰধানমন্ত্ৰী মোদীয়ে মনমোহন সিঙৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনা কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে জনায় ” ড° মনমোহন সিঙক জন্মদিনৰ বহুত শুভেচ্ছা ।মই ঈশ্বৰৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনা কৰিছো”৷

২০০৪ চনৰ পৰা ২০১৪লৈকে UPAচৰকাৰৰ নেতৃত্বত থকা ড° মনমোহন সিঙে আজি ৮৮ বছৰ বয়সত উপনীত হ’ল। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও বহু ৰাজনৈতিক নেতাই তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয় মনমোহন সিঙক জন্মদিনৰ শুভেচ্ছা জনাই টুইট কৰি কয়” ড° মনমোহন সিঙৰ শালীনতা,বিনম্ৰতা সকলো কাৰণে প্ৰেৰণাৰ উৎস।তেওঁলৈ জন্মদিনৰ বহু শুভেচ্ছা ৷তেওঁৰ অনাগত বৰ্ষ সুখৰ হওক।”

মনমোহন সিং ২০০৪ ৰ পৰা ২০১৪ লৈকে প্ৰধানমন্ত্ৰী পদত অধিস্থিত আছিল। তেওঁৰ জন্ম পাকিস্তান বিভাজনৰ পূৰ্বতে পাকিস্তানৰ পাঞ্জাৱ প্ৰান্তৰ ১৯৩২ৰ ২৬ ছেপ্তেম্বৰত হৈছিল ।ড° মনমোহন সিং পঞ্জাৱ আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।

মনমোহন সিঙে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থশাস্ত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ উপৰিও দিল্লীৰ স্কুল অফ ইক’নমিক্স আৰু দিল্লী বিশ্ববিদ্যালয়তো শিক্ষা গ্ৰহণ কৰিছিল ।

মনমোহন সিং পি বি নৰছিম্হা ৰাওৰ চৰকাৰৰ বিত্ত মন্ত্ৰী আছিল ৷ভাৰতৰ আৰ্থিক অৱস্থা উত্তৰণৰ দিশত মনমোহন সিঙৰ নাম সদায়ে আগত থাকিব যদিও আজিলৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়াৰ কাৰণে স্বীকৃতি বিচৰা নাই ।মনমোহন সিং সম্প্ৰতি ৰাজস্থান ৰাজ্যসভাৰৰ সাংসদ।

Exit mobile version