মুম্বাইৰ কে ই এম চিকিৎসালয়ত হ’ব অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কৰ’না ভেকচিনৰ পৰীক্ষণ

covishield 1598151509

কৰ’না ভেকচিনক লৈ আহিছে এক সুখৰ খবৰ । মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ কে ইম এম চিকিৎসালয়ত অক্সফ’ৰ্ডে তৈয়াৰ কৰা ভেকচিন ক’ভিশ্বীল্ডৰ মানৱ পৰীক্ষণ হ’ব । আজি এই পৰীক্ষণ তিনিজন লোকৰ ওপৰত কৰা হ’ব ৷ কে ই এম চৰকাৰী চিকিৎসালয় আৰু মানৱ দেহত কোনো ভেকচিন পৰীক্ষা কৰা মুম্বাইৰ প্ৰথম চিকিৎসা হ’ব । ভেকচিনৰ কাৰণে মুঠতে ১৩ জন লোকক স্কীনিং কৰা হৈছিল ৷ ইয়াৰ কাৰণে তিনিজন লোককহে বাচনি কৰা হয় । এই ভেকচিন অক্সফ’ৰ্ডৰ এষ্ট্ৰাজেনেকাই তৈয়াৰ কৰিছে ৷ ইয়াৰ নাম ক’ভিশ্বীল্ড ৷

ইফালে কোম্পানীৰ মতে ভেকচিনে প্ৰথমতে বহুত ভাল ফলাফল দেখুৱাইছে । এই ভেকচিনক তৃতীয় পৰ্যায়ত ৬০,০০০ লোকৰ ওপৰত পৰীক্ষণ কৰা হ’ব । ইয়াৰ কাৰণে আমেৰিকা আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ ২০০ খন ঠাই নিৰ্বাচন কৰা হৈছে । উল্লেখযোগ্য যে পুনেৰ ছেৰাম ইনষ্টিটিউট আৰু অক্সফ’ৰ্ডৰ ক’ভিড১৯ ভেকচিন Covishield ৰ মানৱ দেহৰ ওপৰত পৰীক্ষণ শেষ পৰ্যায়ত আছে ।

“আমি ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিছো ৷ ইয়াৰ কাৰণে আমি ১৫০-২০০ জন লোকক ভেকচিনৰ ড’ছ দিছো ৷” এই মন্তব্য Sassoon জেনেৰেল হস্পিতালৰ কৰ্মৰত ড° মূৰালীধৰ টাম্বেৰ । আনহাতে Astrazenecaৰ ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাত এগৰাকী অংশগ্ৰহণকাৰী অসুস্থ হৈ পৰাৰ পাছতে স্থগিত কৰি ৰখা হৈছিল ভেকচিনটোৰ পৰীক্ষণ । ইয়াৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কয় যে, ইয়াত নিৰুৎসাহ হ’ব লগা একো নাই । এনেধৰণৰ ঘটনা কেতিয়াবা ট্ৰায়েলৰ ক্ষেত্ৰত নিয়মিত ৰূপত ঘটিয়ে থাকে ।

অন্যহাতে, পুনেস্থিত ছেৰাম ইনষ্টিটিউটৰ ভাৰতত ট্ৰায়েলো বন্ধ কৰি দিয়া হৈছিল ৷ এই ভেকচিনৰ সম্পূৰ্ণ ট্ৰায়েলত মুঠ ১৬০০ জন অংশগ্ৰহণকাৰীৰ নাম তালিকাভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল । এই সন্দৰ্ভত জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান বিজ্ঞানী সৌম্য স্বামীনাথনে কয় যে, Astrazeneca ৰ স্থগিতকৰণৰ ক্ষেত্ৰত নিৰাশ হ’বলগীয়া একো নাই । এই ঘটনাটোৱে ইয়াকেই প্ৰমাণ কৰে যে, ভেকচিন বিকাশৰ প্ৰক্ৰিয়াটো সদায় দ্ৰুত আৰু পোনপটীয়া নহয় ।

Exit mobile version