সুদীৰ্ঘ প্ৰায় ছমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি অসমৰ শ্ৰেষ্ঠ স্বচ্ছ গাঁও ৰংছাপাৰা

IMG 20200926 WA0032

সুদীৰ্ঘ প্ৰায় ৬ মাহৰ অন্তত পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হয় অসমৰ শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিস্কাৰ গাঁও ৰংছাপাৰা । স্থানীয় মহিলাসকলে মাস্ক পৰিধান কৰি বাটপথ সমূহ পৰিষ্কাৰ কৰে। উল্লেখ্য যে, ২০১৭ বর্ষত অসম চৰকাৰে ৰংছাপাৰাক ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিস্কাৰ গাঁও হিচাপে স্বীকৃতি দিছিল ।

আনহাতে, কৰ’না পৰিস্থিতিৰ বাবে যোৱা ২২ মাৰ্চত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৰংছাপাৰা। গাঁওখনৰ গাঁওবুঢ়া ৰবাৰ্টজন মোমিনে জনোৱামতে, এতিয়াৰে পৰা পৰ্যটকসকলে মাস্ক পৰিধান কৰি ক’ভিড প্ৰট’কল মানি গাওঁখনত প্ৰৱেশ কৰিব পাৰিব ।

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰংছাপাৰা গাওঁবাসীয়ে বহু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰত্যেকটো পৰিয়ালৰ চৌহদত ডাষ্টবিন আৰু ফুলৰ বাগিছা পতাৰ লগতে প্ৰতি শনিবাৰে গাওঁৰ মহিলাসকল ওলাই আহি গাঁওখনৰ বাটপথ পৰিষ্কাৰ কৰিব। আনহাতে, গাঁওখনত মাদক দ্ৰব্য নিষিদ্ধ ঘোষণা কৰিছে।

Exit mobile version