জি এম চিৰ নিৰ্ধাৰিত মাচুল আদায় কৰিব পাৰিব লেছীয়ে

Screenshot 110

মহানগৰীত এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমে ধাৰ্য কৰি দিয়া পৰিমাণতহে লেছীয়ে ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰিব পাৰিব ৷ জি এম চিয়েও সেই পৰিমাণতহে কৰ সংগ্ৰহ কৰিব লাগিব কৰ। শেহতীয়াকৈ দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ উৰণীয়া সেতুৰ তলৰ বজাৰত লেছীৰ নামত গুণ্ডাকৰ আদায়ক লৈ অব্যাহত থকা অচলাৱস্থাৰ ফলত আৰক্ষীয়ে এই নিৰ্দেশ দিয়ে ৷

সেই অনুসৰি দৈনিক শাক পাচলিৰ দোকানৰ পৰা ২০ টকা,ফলমূলৰ দোকানৰ পৰা ২১টকা, মাছৰ দোকানীৰ পৰা ২০ টকা, চাউলৰ দোকানীৰ পৰা ৫০ টকা, সুৰা বিপণীৰ পৰা ৫০, ছাগলী মাংসৰ দোকানৰ পৰা ৫০, কণীৰ দোকানৰ পৰা ২০, ক্ষুদ্ৰ কাপোৰৰ দোকানৰ পৰা ১০, চাহ দোকানৰ পৰা ৩০, গেলামালৰ দোকানৰ পৰা ৫০, পাণ দোকানৰ পৰা ২০, ঠেলাত কুঁহিয়াৰৰ ৰস আৰু চানা বিক্ৰী কৰা দোকানৰ পৰা ২০, মিঠাইৰ দোকানৰ পৰা ২০, ষ্টেছনাৰী দোকানৰ পৰা ২০ টকা মাচুল আদায় কৰিব পাৰিব ।

এই পৰিমাণতকৈ অধিক মাচুল আদায় কৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ পঞ্জীয়ন হ’ব বুলি আৰক্ষীয়ে ছয়মাইলৰ বজাৰখনৰ ব্যৱসায়ীসকলক জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে বজাৰখনক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দিছপুৰৰ উপ আৰক্ষী আয়ুক্তৰ নেতৃত্বত ব্যৱসায়ীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। তাত ব্যৱসায়সকলে বজাৰখনত চলা অনিয়ম তথা গুণ্ডাৰাজৰ বিষয়ে তথ্য দাঙি ধৰে ৷

এই সন্দৰ্ভত বজাৰখনৰ ব্যৱসায়ী ৰাজীৱ ডেকাই কয় “আমি কোনোপধ্যে নীতি নিয়মৰ বাহিৰলৈ গৈ কাকো মাচুল আদায় দিব নোৱাৰো । নিয়মৰ ভিতৰত মাচুল দিম ৷ লেছী বুলি দাবী কৰাসকলে আমাৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি আছে ৷ আমি ইয়াৰ বিৰুদ্ধে উপায়ুক্ত, আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক স্মাৰকপত্ৰ দিছো ৷ সেইবাবে দিছপুৰৰ উপ আৰক্ষীৰ লগত আমাৰ এখন বৈঠক অনুষ্ঠিত হয়৷ তাত জি এম চিৰ বজাৰ শাখাই চৰকাৰীভাৱে যি মাচুল ধাৰ্য কৰি দিছে সেই পৰিমাণতে আমাক আদায় দিবলৈ নিৰ্দেশ দিছে ৷ গতিকে এতিয়াৰ পৰা আমি নিৰ্ধাৰিত পৰিমাণতহে মাচুল দিম।” ছয় মাইলৰ উক্ত বজাৰখনত গ্ৰহণ কৰা এই সিদ্ধান্ত গুৱাহাটীৰ সকলো বজাৰতে উপলব্ধ হ’ব ৷

Exit mobile version