ন’বেল শান্তি বঁটাৰ বাবে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ নাম মনোনীত

merlin 168778890 0ab754d7 eef9 4483 af1b 5fd32b32f74d articleLarge

ন’বেল বঁটাৰ বাবে এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ নাম মনোনীত কৰা হৈছে । ইতিমধ্যে ন’বেল শান্তি বঁটাৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানিয়াহুৰ নাম মনোনয়নৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । বিখ্যাত ৰুছ সাহিত্যিক ছেৰ্গেই ক’মকভৰ নেতৃত্বত লেখকসকলৰ এক সংগঠনে ৰাষ্ট্ৰপতি গৰাকীক মনোনীত কৰি ন’বেল কমিটীলৈ বুলি বিবেচনাৰ বাবে প্ৰেৰণ কৰিছে ।

সংগঠনটোৰ মতে সমগ্ৰ বিশ্বত শান্তি স্থাপনৰ লক্ষ্যৰে ডনাল্ড ট্ৰাম্প অথবা নেটিনিয়াহুৰ তুলনাত অধিক উদ্যোগী আছিল ৰাষ্ট্ৰপতি পুটিন ।ইয়াৰ পূৰ্বেও ২০১৩তো ন’বেল শান্তি বঁটাৰ কাৰণে পুটিনৰ নাম মনোনীত কৰা হৈছিল । উল্লেখ্য যে নিৰ্দিষ্ট কিছু চৰ্তৰ ভিত্তিত যিকোনো লোকেই আন কোনো এজনক ন’বেল শান্তি বঁটাৰ বাবে মনোনীত কৰিব পাৰে ।

মনোনীত কৰা লোকজনৰ নাম ন’বেল কমিটীলৈ প্ৰেৰণ কৰিবও পাৰে । ইতিমধ্যে ২০২০ ৰ ন’বেল শান্তি বঁটাৰ বাবে তিনিশৰো অধিক নাম মনোনীত কৰা হৈছে । অহা ন অক্টোবৰত চলিত বৰ্ষৰ ন’বেল শান্তি বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিব ন’বেল কমিটিয়ে । উক্ত দিনটোতে স্পষ্ট হৈ পৰিব ন’বেল শান্তি বঁটা বিজয়ীৰ নাম ।

Exit mobile version