দীপিকা পাডুকন, ৰাকুল প্ৰীত সিঙৰ ফোন জব্দ কৰিলে NCBয়ে

pjimage 1 1601167754

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং, দীপিকা পাডুকন আৰু দীপিকা মেনেজাৰ কৰিশ্মা প্ৰকাশ আৰু ফেশ্বন ডিজাইনৰ চিম’ন খম্বাটাক মাদকদ্ৰব্য সৰবৰাহ কৰাৰ সন্দৰ্ভত সোধ পোছ কৰা NCB য়ে অভিনেত্ৰীকেইগৰাকীৰ মোবাইল ফোনসমূহ জব্দ কৰে ৷

উল্লেখযোগ্য যে অভিনেত্ৰী কেইগৰাকীক শুক্ৰবাৰ আৰু শনিবাৰে সোধপোছ কৰা হৈছিল । NCB ৰ এটা বিশেষ সূত্ৰই কয় “দীপিকা, কৰিশ্মা, ৰাকুলৰ ফোনসমূহ NCBয়ে ভাৰতীয় সাক্ষী আইন অনুসৰিয়েই জব্দ কৰিছে ।”

উল্লেখযোগ্য যে মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহৰ সন্দৰ্ভত দীপিকা,ৰাকুল আৰু কৰিশ্মা প্ৰকাশৰ উপৰিও শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খানকো সোধ পোছ কৰে ৷ ইতিমধ্যে দীপিকা পাডুকনে মন্তব্য কৰিছে যে মাদকদ্ৰব্যৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ হোৱাটছএপ কথোপকথন ভুৱা নহয় ৷ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ স’তে দীপিকাই প্ৰকৃতাৰ্থত মাদকদ্ৰব্যক লৈয়ে কথা পাতিছিল ৷

হোৱাটছএপ গ্ৰুপত ডি আৰু কে ৰ যি কথোপকথন হৈছিল সেয়া প্ৰকৃতাৰ্থত দীপিকা আৰু কৰিশ্মা ৷ NCBৰ মতে মাদকদ্ৰব্যক লৈ আলোচনা কৰিলেও তেওঁ কেতিয়াও মাদকদ্ৰব্য সেৱন কৰা নাছিল । কোনো দিনে সেৱন কৰা নাই ।

Exit mobile version