ধুবুৰীৰ বিশাল মাৰ্কেটত ভয়ংকৰ দুৰ্ঘটনা

154031 vishal mega mart

শিশু শ্ৰমিকৰ আইন উলংঘা কৰি বিল্ডিং নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে মালিক আৰু ঠিকাদাৰ কৰ্তৃপক্ষই

শিশু শ্ৰমিকক যে যিকোনো কামত ব্যৱহাৰ কৰিব নোৱাৰি সেয়া সকলোৰে জ্ঞাত । কিন্তু তেনে সময়তো একাংশই শ্ৰমিক আইন ভংগ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিছে শিশু শ্ৰমিকক । বিভিন্ন সময়ত এনে অপৰাধৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিছে যদিও অব্যাহত আছে শিশু শ্ৰমিকৰ ব্যৱহাৰ । তেনে সময়তে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিল ধুবুৰীত।

ধুবুৰীত নতুনকৈ স্থাপন কৰা বিশাল মাৰ্কেটৰ তলৰ মহলাত চলিছে নিৰ্মাণ কাৰ্য । নির্মাণকাৰ্যত ব্যৱহাৰ কৰা হৈছে শিশু শ্ৰমিকক । দৰাচলতে ধুবুৰীৰ চলাকুৰা গাঁওৰ বাসিন্দা মুন্নাফ আলীৰ পোন্ধৰ বছৰীয়া নাবালক পুত্ৰ জেল হকক নির্মাণ কাৰ্যত ব্যৱহাৰ কৰিছিল বিল্ডিং মালিক পক্ষ আৰু ঠিকাদাৰে । আজি কাম কৰি থকা সময়তে হঠাৎ ওপৰৰ পৰা লোৰে নিৰ্মিত তেলৰ টেংকী এটা গাঁতত পৰে । তেনে সময়তে গাঁতত কাম কৰি থাকোতে শিশুটিৰ মূৰৰ ওপৰত পৰে । ফলত থিততেই নিহত হয় জেল হক।

উক্ত ঘটনাৰ বাবে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে নাবালক শ্ৰমিকক কামত ব্যৱহাৰ কৰা মালিক পক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ।

ইপিনে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু তদন্ত আৰম্ভ কৰে । এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কি দৰে চলে বা বিল্ডিংৰ মালিক পক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version