নলা পৰিষ্কাৰ কৰোতে মেক্সিক’ত ওলাল বিশালদেহী অসুৰ এন্দুৰ

huge rat 1 202009113336
এন্দুৰ হৈছে ভগৱান গণেশৰ বাহন। সেয়েহে ভাৰতত এন্দুৰক পূজা কৰাও হয়। বিকানেৰৰ কার্ণিমাতা মন্দিৰত বিশেষভাৱে এন্দুৰক পূজা কৰা হয়। হেজাৰ হেজাৰ এন্দুৰে বাস কৰে মন্দিৰটোত। এই এন্দুৰকে লৈ আকৌ বহুতে আতংকত ভূগিবলগীয়া হয়। এন্দুৰৰ উপদ্ৰৱত বহু মূল্যবান সম্পদো বিনষ্ট হয়।
কিন্তু সম্প্রতি এটি বিশালকায় এন্দুৰে সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিছে। দক্ষিণ আমেৰিকাৰ মেক্সিকত সন্ধান পােৱা গৈছে প্রায় মানুহৰ সমপর্যায়ৰ এই এন্দুৰটো । ভাৰ্চুৱেলবিশ্বৰ প্ৰায় সকলাে এতিয়া ব্যস্ত এই অসুৰৰ দৰে এন্দুৰটোক লৈ। মেক্সিক’ত নলা পৰিষ্কাৰ কৰাৰ সময়ত এই এন্দুৰটোৰ সন্ধান লাভ কৰা হয়। নলাৰ পৰা এন্দুৰটোক তুলি অনা মাত্রকে বিশালকায় প্রাণীটোক চাবলৈ ৰাইজৰ ভিৰ আৰম্ভ হয়। স্থানীয় আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলগীয়া হয়। কিন্তু পানীৰে প্ৰাণীটোক পৰিষ্কাৰ কৰাৰ পাছতে প্রকৃত সত্যটো সন্মুখলৈ আহে।
প্রকৃততে এন্দুৰটো জীৱিত এন্দুৰ নহয়। ই আছিল এন্দুৰৰ এক বিশাল প্রতিকৃতিহে শিল্পীৰ সৃষ্টি এই বিশাল দেহৰ এন্দুৰটো। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হােৱাৰ সমান্তৰালভাৱেই শিল্পীগৰাকীৰৰ পৰিচয় পােহৰলৈ আহে। ইভলিন লােপেজ নামৰ মহিলা শিল্পীগৰাকীয়ে এই এন্দুৰৰ প্রতিকৃতিটো সৃষ্টি কৰিছে। যােৱা বছৰ হেল’ৱইন উৎসৱৰ বাবে এই প্রতিকৃতিটো সৃষ্টি কৰিছিল। শিল্পীগৰাকীৰ কাম ইমানেই নিখুঁত আছিল যে নলাৰ পৰা তুলি অনাৰ সময়ত এই প্রতিকৃতিটোক সঁচাকৈয়ে অসুৰ এন্দুৰ বুলি সকলােৱে ভাবি লৈছিল।
লােপেজে জনােৱা অনুসৰি যােৱা বছৰ অহা ধুমুহাই প্রতিকৃতিটো উৰুৱাই নি নলাত পেলাইছিল। বহু চেষ্টাৰ পাছতাে নলাৰ পৰা প্রতিকৃতিটো তুলি অনাটো সম্ভৱ হৈ উঠা নাছিল। সম্প্রতি চৰকাৰীভাৱে নলাবিলাক পৰিষ্কাৰ কৰাৰ অভিযান চলােৱা হৈছে। নলাৰ পৰা প্ৰায় ২২ টনৰাে অধিক অৱৰ্জনা তােলা হৈছিল।
ইয়াৰ ভিতৰতে এন্দুৰৰ প্রতিকৃতিটোও আছিল। কিন্তু নিজৰ শিল্প সৃষ্টিক নষ্ট হ’বলৈ দিব নিবিচাৰিলে ইভলিন লােপেজে। অৱশ্যে এন্দুৰৰ প্রতিকৃতিটো কি কৰিব এতিয়াও ভাবি উলিয়াব পৰা নাই। শিল্পীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত একাংশই অসুৰ এন্দুৰটোৰ প্রতিকৃতিক সংৰক্ষণৰ দাবী উত্থাপন কৰিছে।
Exit mobile version