প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উদ্দেশ্যি SIIৰ CEO ৰ ভাষ্য : “সমগ্ৰ দেশৰ কাৰণে গৌৰৱৰ বিষয়”

Adar Poonawalla

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাক ভেকচিনক লৈ কৰা মন্তব্যৰ পিছতে প্ৰশংসাত পঞ্চমুখ হৈছে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ CEO অদাৰ পুনেৱালাৰ লগতে WHO ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল যে ভাৰতে ক’ভিড-১৯ ভেকচিন উৎপাদন কৰাত লগতে বিতৰণটো ভাৰতক পাৰ্যমানে সহায় কৰিব । ইয়াৰ লগতে ভাৰতে সন্ত্ৰাসবাদ, দুৰ্নীতি আদিৰ লগতে সমানে যুঁজ দিব ।

ইয়াৰ লগে লগে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ CEO অদাৰ পুনেৱালাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উদ্দেশ্য কৰি কয় “আমি কৰ’না ভেকচিন বিতৰণ কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা হাতত ল’ম ৷ এইয়া ভাৰতৰ কাৰণে গৌৰৱৰ সময়। আপোনাৰ নেতৃত্ব আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ ।” ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বিপদৰ সময়তে ভাৰতৰ ফাৰ্মা ইণ্ডাষ্ট্ৰীয়ে ১৫০ খনতকৈ অধিক দেশক প্ৰয়োজনীয় সহায় কৰিছে ৷

এই সন্দৰ্ভত WHO ৰ টেড্ৰ’ছে আধান’মে কয় “সমৰ্থন আৰু সমৰ্পণৰ কাৰণে আপোনালৈ ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷” ইপিনে, কৰ’না মহামাৰীৰ ভেকচিনৰ সন্দৰ্ভত অদাৰ পুনেৱালাই চৰকাৰক প্ৰশ্ন কৰিছিল যে ৰাজকোষত ৮০,০০০ কোটি টকা আছেনে? আদৰ পুনাৱালাই টুইটাৰ জৰিয়তে প্ৰশ্ন কৰে “ভাৰত চৰকাৰৰ ওচৰত অনাগত এবছৰত ৮০,০০০কোটি টকা সংগ্ৰহ হ’বনে? কাৰণ ভাৰতত সকলোৰে বাবে কৰ’না ভেকচিন ক্ৰয় আৰু বিতৰণ কৰিবৰ কাৰণে স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰণালয়ক ইমান পৰিমাণৰ ধনৰে প্ৰয়োজন” ৷

লগতে পুনেৱালাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ক উদ্দেশ্য কৰি লিখে, “এইয়া আমি মুখামুখি হ’ব লগীয়া আহিবলগীয়া প্ৰত্যাহ্বান” ৷

Exit mobile version