প্ৰধানমন্ত্ৰী মোদীৰ মন কীত বাতৰ পাছতে ৰাহুল গান্ধীৰ চৰকাৰক কটাক্ষ কৰি টুইট

WhatsApp Image 2020 09 27 at 2.28.50 PM

দেশত কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰত্যেক দিনাই কৰ’নাত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ তেনে সময়তে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে একেৰাহে মহামাৰী কৰ’নাক লৈ চৰকাৰক কটাক্ষ কৰি আছে ৷ ৰাহুল গান্ধীৰ অভিযোগ যে চৰকাৰে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

আনহাতে, ভেকচিন উৎপাদনৰ সন্দৰ্ভত বিশ্বৰ সকলোতকৈ বৃহৎ ভেকচিন কোম্পানী ছেৰাম ইনষ্টিটিউটৰ CEO অদাৰ পুনেৱালাই চৰকাৰক প্ৰশ্ন কৰে যে সকলোকে কৰ’না ভেকচিন উপলব্ধ কৰাবলৈ ৮০,০০০ কোটি টকাৰ আৱশ্যক৷গতিকে এই বৃহৎ পৰিমান টকা চৰকাৰৰ ওচৰত আছেনে? ৰাহুল গান্ধীয়ে এই বিষয়টোক লৈও চৰকাৰক কটাক্ষ কৰে ৷

আজি কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰে যে, ” প্ৰশ্নটো ঠিকেই আছে ৷ কিন্তু চৰকাৰৰ উত্তৰলৈ ভাৰতে কেতিয়ালৈ অপেক্ষা কৰিব লাগিব ? মন কী বাতত যদি ক’ভিড-১৯য়ে ঠাই পালেহেতেন ৷”

উল্লেখযোগ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত দেশৰ কৃষকসকলৰ কথা উত্থাপন কৰে ৷ কৃষকসকল শক্তিশালী হ’লে আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি উঠাত সহায় হ’ব বুলিও উল্লেখ কৰে ৷ ইয়াৰ পাছত মোদীলৈ উদ্দেশ্য কৰি ৰাহুল গান্ধীয়ে টুইটাৰত এই কটাক্ষ কৰে।

Exit mobile version