বিৰোধীৰ ক্ষোভঃকৃষি বিধেয়কক ভোটিঙৰ ক্ষেত্ৰত নিয়ম ভংগ কৰিছিল চৰকাৰে

79cflt08 opposition farm bills protest outside parliament september
ৰাজ্যসভাত ২০ ছেপ্টেম্বৰত কৃষি বিধেয়কক গৃহীত কৰা হয়৷ বিধেয়কখন ধ্বনি ভোটত গৃহীত কৰা হয় ।সম্প্ৰতি সংবাদমাধ্যমৰ ভিতৰত পোৱা এটা ভিডিঅ’ই  সংসদৰ মন্তব্যৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ৷কাৰণ ৰাজ্যসভা নিয়মাৱলী ৩৭  অনুসৰি সভাপতিয়ে কামকাজৰ সময় সীমা পৰিৱৰ্তনৰ সিদ্ধান্ত সকলোৰে সহমতিত ল’ব পাৰে ।কৃষি বিধেয়কৰ সন্দৰ্ভত আলোচনা কৰা সময়ত বিৰোধী নেতাই এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও সভাপতিয়ে এই কথা মানি ন’ললে ৷
ইপিনে নিয়মাৱলী ২৫২ ৰ মতে কোনো প্ৰস্তাৱ বা বিধেয়ক সন্দৰ্ভত বিভাজনৰ দাবীক উপসভাপতিয়ে  বিবেচনা কৰিব লাগে বা সেই প্ৰস্তাৱ মানি ল’ব লাগে। কিন্তু বিৰোধী দলৰ অভিযোগ যে সাংসদসকলৰ এই দাবীক মানি নল’লে উপসভাপতিয়ে ৷ বিৰোধীৰ তৃতীয় অভিযোগ যে যিকোনো কমিটিয়ে বিধেয়কক ছিলেক্ট কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ ৰাখিব পাৰে ৷কিন্তু বিধেয়কক ছিলেক্ট কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱত ভোটিং নকৰিলে ৷
এই সন্দৰ্ভত DMK সাংসদ তিৰুচি শিৱাই কয় যে আমি বহু কোৱাৰ পিছতে অধ্যক্ষই আমাৰ ফালে নাচালেই। চিপিএমৰ সাংসদ কে কে ৰাগেশে কয়”মই মোৰ প্ৰস্তাৱত ভোটৰ কাৰণে দাবী কৰিছিলো যদিও মোক কথাত সহমত নিদিলে “৷ইয়াৰ বিপৰীতে চৰকাৰে এই সমগ্ৰ ঘটনাৰ কাৰণে বিৰোধীক দোষী সাব্যস্ত কৰিছে ৷
আনহাতে,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় “উপসভাপতিৰ লগত বিৰোধী দলৰ সাংসদসকলে যি কৰিলে,সেই সন্দৰ্ভত যিমান গৰিহনা দিয়া যায় কমেই হ’ব ৷”উল্লেখযোগ্য যে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত কৰা বিৰোধীৰ বিৰোধিতাৰ পৰিপেক্ষিতত ৮ জন সাংসদক নিলম্বন কৰা হৈছিল।
Exit mobile version