চীনে হেজাৰতকৈ অধিক লোকক ক’ভিড-১৯ ৰ ভেকচিন দিছে। যিটোৰ ওপৰত এতিয়াও পৰীক্ষা কৰি থকা হৈছে আৰু সেয়ে তাৰ প্ৰভাৱ অপ্ৰমাণিত হৈ আছে বুলি প্ৰতিবেদনত প্ৰকাশ। আনহাতে, যিসকলে এই ভেকচিন লৈছে সেইসকলে ‘Nondisclosure Agreement’ ত স্বাক্ষৰ কৰিব লগা হৈছে ।
এই সন্দৰ্ভত তেওঁলোকে সংবাদ মাধ্যমৰ পৰাও বিৰত আছে। ৰাজ্যৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰী, চৰকাৰী বিষয়া, ভেকচিন কোম্পানীৰ কৰ্মচাৰী, শিক্ষকৰ লগতে উচ্চ জনসংখ্যাযুক্ত ঠাইত জৰুৰীকালীন ভাৱে এই ভেকচিন দিয়া হয় । আনহাতে, তেওঁলোকৰ পৰা অনুমতি লৈছে নে নাই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে বিশ্ব স্বাস্থ্য বিশেষজ্ঞই ।
নেচনেল হেলথ কমিচনৰ বিষয়া ঝেং ঝংওৱে প্ৰতিৰক্ষাৰ্থে তাৰ প্ৰত্যুত্তৰত কয় যে, জুলাইত আৰম্ভ হোৱা পৰীক্ষামূলক কৰ’না ভাইৰাছৰ ভেকচিনৰ কাৰ্যসূচীক বিশ্ব স্বাস্থ্য সংস্থাই চীনক সমৰ্থন জনাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান বিজ্ঞানী সৌম্য স্বামীনাথনে কয় যে, অস্থায়ী সমাধানৰ ৰূপত আৰু দেশৰ বৰ্তমান জৰুৰীকালীন পৰিস্থিতিত নিজৰ অধিকাৰী ক্ষেত্ৰত ভেকচিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন দিব পাৰে ।
আনহাতে, চীনে বৰ্তমান ১১ টা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল অব্যাহত ৰাখিছে আৰু তাৰে ভিতৰত চাৰিটা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল চলি আছে। ইয়াৰে দুটা তৈয়াৰ কৰা হৈছে ৰাষ্ট্ৰ সমৰ্থিত চীনৰ নেচনেল বায়’টেক গ্ৰুপৰ দ্বাৰা আৰু আন এটা চিন’ভেক বায়’টেকৰ দ্বাৰা তৈয়াৰী । আনহাতে, Cansino Biologics ৰ দ্বাৰা আন এটি ভেকচিন তৈয়াৰ কৰা হৈছিল, যিটো জুনত চীনা সেনাবাহিনীত ব্যৱহাৰ কৰিবৰ বাবে অনুমোদন জনোৱা হৈছিল।






























