অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান

130d852e a2f3 4a4c bef5 b59ec37a14b3

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ সুদূৰ অষ্ট্ৰেলিয়াত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। আনোৱাৰা টাইমুৰৰ জন্ম হৈছিল ১৯৩৬চনৰ ২৪ নবেম্বৰত জন্মগ্ৰহণ কৰিছিল ৷

আনহাতে আনোৱাৰা টাইমুৰ অসমৰ একমাত্ৰ আৰু প্রথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল ৷ ১৯৫৬ ত তেওঁ দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা আছিল ৷ তেওঁ কেবাবাৰো অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।১৯৮৩-৮৫ লৈ আনোৱাৰা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯১চনত তেওঁ ৰাজ্যৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৮০-৮১চনত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনোৱাৰা টাইমুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

Exit mobile version