ওখ গছৰ একেবাৰে আগঅংশত উঠি গছ কাটিছে এজন লোকে : ইয়াৰ পিছত কি হ’ল ?

WhatsApp Image 2020 09 28 at 6.08.05 PM

file photo

গছৰ গুৰি আৰু আগ কটা দৃশ্য হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে । গছৰ একেবাৰে আগটোত উঠি বাৰু গছ কটা দৃশ্য আপুনি দেখিছেনে ? যদি দেখা নাই তেন্তে ভালদৰে মন দি প্ৰত্যক্ষ কৰক গছ কটা লোকজনক ।

এটা ভাইৰেল ভিডিঅ’, ভিডিঅ’টোত এজন লোকে এজোপা ওখ খেজুৰ গছৰ আগ কাটি থকা দেখিবলৈ পোৱা গৈছে। তলৰ পৰা গছজোপা কটাৰ বিপৰীতে লোকজনে গছৰ একেবাৰে ওপৰত উঠি গছৰ আগ অংশটো কাটিছে ‌। আচৰিত নহয়নে?

আনহাতে, গছৰ আগ অংশটো কটাৰ পিছত লোকজনে গছজোপাতে উঠি থাকে । সমগ্ৰ কাণ্ড প্রত্যক্ষ কৰাসকলে লোকজন পৰি যাব বুলি ভাবিছিল । যদিও গছজোপা ইফালে সিফালে হাউলি পৰে, তাৰ পিছতো কিন্তু লোকজন পৰি নাযায় । লোকজনে অকলেই গছজোপাৰ ওপৰত নাছিল , লগত আছিল গছ কাটিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী ।

গছজোপা কটাৰ এই সমগ্ৰ কাণ্ড বন্দী হৈছে কেমেৰাত । আচৰিত জনক এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপক ভাৱে ভাইৰেল হৈছে । ভিডিঅ’টি প্রাক্তন বাস্কেটবলাৰ Rex Chapmanএ টুইটাৰত শ্বেয়াৰ কৰিছিল ।

Rex Chapmanএ ভিডিঅ’টিৰ লগত লিখে যে, “কেতিয়াবা কোনোৱে বহু ওখ গছ কটা দেখিছেনে?” শুকুৰবাৰে ৩৪ চেকেণ্ডৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাছত Microblogging platformত ৬.৬ মিলিয়নতকৈ অধিক বাৰ দেখা পোৱা যায় আৰু শতাধিক কমেণ্টৰ লগতে ২০ হেজাৰ বাৰ ৰিটুইট কৰে।

Exit mobile version