কম্বোডিয়াবাসীৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিছে এটি এন্দুৰে

Screenshot 164

আকাৰত সৰু হ’লেও কৰা কামটো যথেষ্ট ডাঙৰ । আৰু সেই ডাঙৰ কামৰ বাবেই সন্মানিত কৰা হৈছে কম্বোডিয়াৰ এটা এন্দুৰক । বহু মানুহৰ জীৱন ৰক্ষা কৰি নিজ কৃতিত্ব প্ৰদৰ্শন কৰা এই এন্দুৰটোৰ নাম মাগাওৱা । স্নিফাৰ কুকুৰৰ দৰেই স্নিফাৰ এন্দুৰ । গোন্ধ শুঙিয়ে মাটিৰ তলত থকা লেণ্ডমাইন বিচাৰি উলিয়াব পাৰে ।

নিজৰ ‘কেৰিয়াৰ’ত মাগাওৱাই মুঠতে ৩৯ টা লেণ্ডমাইন তথা ২৮ টা বিস্ফোৰক চিনাক্ত কৰিছে । সেয়েহে পুৰস্কাৰ হিচাপে ‘পি ডি এছ এ স্বৰ্ণপদক’ লাভ কৰে মাগাওৱাই । মাগাওৱা আফ্ৰিকান প্ৰজাতিৰ এন্দুৰ । ইয়াৰ ঘ্ৰাণ শক্তি অতিকৈ প্ৰখৰ । ইয়াকে লৈ অধিক প্ৰশিক্ষণ দিয়া হয় । বেলজিয়ামৰ এটি প্ৰতিষ্ঠানে এনে এন্দুৰক প্ৰশিক্ষণ দিয়ে ।

কম্বোডিয়াত লেণ্ডমাইন আতংকৰ আন এক নাম । দেশখনত মাইন বিচৰা কামত সাত বছৰ ধৰি নিযুক্ত হৈ আছে মাগাওৱা । এক লাখ ৪১ হেজাৰ বৰ্গ কিলোমিটাৰ অঞ্চলত মাইন বিচৰাৰ কামত সহায় কৰিছে মাগাওৱাই । মাইন ‘ডিটেক্টৰ’তকৈ দ্ৰুতভাৱে কাম কৰিব পাৰে এই এন্দুৰটোৱে । এই এন্দুৰটোৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম । দীঘলে ২৮ ইঞ্চি ।

Exit mobile version