জীৱনৰ প্ৰতি ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত উৰণীয়া সেতুৰ তলৰ ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজীৱ ডেকাৰ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

pamahi

অচিনাকি লোকৰ অশালীন ব্যৱহাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পাঞ্জাবাৰীৰ উৰণীয়া সেতুৰ তলৰ ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজীৱ ডেকাই । ডেকাই কয় “নীতিবৰ্হিভূতভাৱে একাংশ লোকে বলপূৰ্বকভাৱে ব্যৱসায়ী সন্থাৰ পৰা দীৰ্ঘদিন কৰ সংগ্ৰহ কৰি আহিছিল ৷

ইয়াৰ পাছত মহানগৰ আৰক্ষী আয়ুক্ত আৰু মাননীয় পৌৰ নিগমৰ আয়ুক্তৰ তৎপৰতাত মাছুল সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়ে।ইয়াৰ পাছৰে পৰা অচিনাকী বাইক আৰোহীয়ে পাছফালৰ পৰা তেওঁক অশ্লীল কথা কৈ ভাবুকি দিয়ে৷” গতিকে নিজৰ লগতে পৰিয়াল আৰু ব্যৱসায়ীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডেকাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

উল্লেখযোগ্য যে দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ উৰণীয়া সেতুৰ তলৰ বজাৰত লেছীৰ নামত গুণ্ডাকৰ আদায়ক লৈ অব্যাহত থকা অচলাৱস্থাৰ সময়তে আৰক্ষীয়ে নিৰ্দেশনা দিছিল ৷সেই অনুসৰি দৈনিক শাক পাচলিৰ দোকানৰ পৰা ২০ টকা,ফলমূলৰ দোকানৰ পৰা ২১টকা,মাছৰ দোকানীৰ পৰা ২০ টকা,চাউলৰ দোকানীৰ পৰা ৫০ টকা,সুৰা বিপণীৰ পৰা ৫০,ছাগলী মাংসৰ দোকানৰ পৰা ৫০,কণীৰ দোকানৰ পৰা ২০ ,ক্ষুদ্ৰ কাপোৰৰ দোকানৰ পৰা ১০,চাহ দোকানৰ পৰা ৩০,গেলামালৰ দোকানৰ পৰা ৫০,পাণ দোকানৰ পৰা ২০,ঠেলাত কুঁহিয়াৰৰ ৰস আৰু চানা বিক্ৰী কৰা দোকানৰ পৰা ২০,মিঠাইৰ দোকানৰ পৰা ২০,ষ্টেছনাৰী দোকানৰ পৰা ২০ টকা মাচুল আদায় কৰিব পাৰিব ।

এই পৰিমাণতকৈ অধিক মাচুল আদায় কৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ পঞ্জীয়ন হ’ব বুলি আৰক্ষীয়ে ছয়মাইলৰ বজাৰখনৰ ব্যৱসায়ীসকলক জানিবলৈ দিয়ে ৷

Exit mobile version