ড্ৰাগছৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ক্ষিতিজৰ NCBৰ বিৰুদ্ধে অভিযোগ

Untitled design 2020 09 28T143646.461

বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত জড়িত ছবি পৰিচালক ক্ষিতিজ প্ৰসাদে NCB ৰ ওপৰত গুৰতৰ অভিযোগ উত্থাপন কৰিছে ৷ক্ষিতিজৰ অধিবক্তা সতীশ মানচিন্দেই বম্বে উচ্চ ন্যায়ালয়ত কয় যে NCB ৰ বিষয়াসকলে ক্ষিতিজক ব্লেকমেইল কৰিছে ৷

অধিবক্তা মানচিন্দেৰ অভিযোগ যে ক্ষিতিজক সোধ-পোছৰ সময়ত বলীউডৰ আন এজন পৰিচালক,প্ৰযোজক কৰণ জোহৰৰ কথা ক’বলৈ জোৰ জবৰদস্তি কৰিছিল। অধিবক্তা মানচিন্দেই ক্ষিতিজৰ প্ৰসাদৰ সপক্ষে কয় “NCB ৰ বিষয়াসকলে কৈছিল যদি ক্ষিতিজে কৰণ জোহৰ,সোমেল মিশ্ৰা,ৰাখী,অপূৰ্বা,নীৰজ বা ৰাহিলৰ নাম ক’লে তেওঁলোকৰ ক্ষিতিজক এৰি দিব ৷”

উল্লেখযোগ্য যে বিগত সপ্তাহত NCB য়ে ক্ষিতিজক গ্ৰেপ্তাৰ কৰে ৷ক্ষিতিজ আৰু তেওঁৰ অধিবক্তাই কয় “বিষয়াসকলে মোক মিছা আৰোপ লগাবলৈ কৈছিল ৷তেওঁলোকে কৰণ জোহৰ আৰু তেওঁৰ টিমে মাদকদ্ৰব্য সেৱন কৰা বুলি ক’বলৈ কৈছিল। মোক বহু জোৰ জবৰদস্তি কৰাৰ পাছতো মই তেওঁলোকৰ কথা নামানিলো৷কাৰণ যাক মই ব্যক্তিগতভাৱে নাজানো তেওঁলোকৰ ওপৰত মই আৰোপ লগাব নিবিচাৰো।”

এই সকলো প্ৰতি প্ৰতিযোগৰ সন্দৰ্ভত মানসিন্দেই কয় ” সমীৰ বানখড়েই ক্ষিতিজক নিজৰ চকীৰ ওচৰলৈ টানি নি মাটিত বহিবলৈ দিয়ে ৷লগতে মুখৰ ওচৰত নিজৰ জোতাপাত আনি কয় যে এইয়াই তোমাৰ প্ৰকৃত স্থান ।” আনহাতে সমীৰ বানখড়েৰ এই আচৰণত সোধপোছত সময়ত থকা অন্যান্য বিষয়াসকলো উপস্থিত আছিল ।

উল্লেখযোগ্য যে বিগত সপ্তাহত কৰণ জোহৰে ক্ষিতিজ ধৰ্মা প্ৰডাকচনৰ লগত জড়িত থকাৰ দাবীক নাকচ কৰে ।

Exit mobile version