ন্যায়াধীশৰ ভাষ্যক নাকচ কৰিলে অনিল আম্বানীয়ে

WhatsApp Image 2020 09 28 at 2.41.03 PM

এসময়ত ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত থকা অনিল আম্বানীয়ে শেহতীয়াকৈ এজন ন্যায়াধীশে কোৱা ভাষ্যক নাকচ কৰে ৷ দৰাচলতে ন্যায়াধীশগৰাকীয়ে অনিল আম্বানীক “বিলাসী জীৱন” শৈলীৰে জীৱন কটোৱা ব্যক্তি বুলি কটাক্ষ কৰিছিল ৷ তেতিয়া অনিল আম্বানীয়ে নিজকে নিৰামিষ ভোজী আৰু সাধাৰণ জীৱন অতিবাহিত কৰা এজন ব্যক্তি বুলিহে অবিহিত কৰে ৷

উল্লেখযোগ্য যে সদ্যহতে৷ঋণত জুৰুলা হৈছে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী । চীনৰ তিনিটা বেংকৰ লগত ঋণ সম্বন্ধে চলা গোচৰৰ বাবে ব্ৰিটেইনৰ আদালতত উপস্থিত হয় আম্বানী ।

Chaaaবৰ্তমান অনিল আম্বানীৰ আছে এখনেই গাড়ী । আনকি উকীলৰ ধন পৰিশোধ কৰিবলৈও তেওঁৰ হাতত নাই পৰ্যাপ্ত ধন । ফলত তেওঁ গহনা বিক্ৰী কৰিয়েই উকীলৰ ধন পৰিশোধ কৰিব লগীয়া হৈছে ।

লগতে তেওঁ আদালতত কয়, ‘ জানুৱাৰী আৰু জুন ২০২০ত তেওঁ গহনা বিক্ৰী কৰি ৯.৯ কোটি টকা লাভ কৰিছে । গহনাৰ বাহিৰে তেওঁৰ লগত এনেকুৱা মূল্যবান একো সম্পত্তিয়ে নাছিল ৷

অন্যহাতে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ে অনিল আম্বানীক চীনৰ তিনিটা বেংকক ৫,২৮১কোটি টকাৰ ঋণ পৰিশোধৰ লগতে আইনী ব্যয়ৰ বাবে ৭ কোটি টকা আদায়ৰ বাবে নিৰ্দেশ দিছিল । এই আদায়ৰ বাবে সময়সীমা বান্ধি দিছিল ১২জুন ২০২০ । কিন্তু আম্বানীয়ে পৰিশোধ কৰা নাছিল এই ধন ।

তাৰ পৰিপ্ৰেক্ষিতত ব্ৰিটেইনৰ আদালতত হাজিৰ হ’ব লগীয়া হয় আম্বানী।ইপিনে এসমৰ ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত থকা অনিল আম্বানীৰ এই পৰিস্থিতিয়ে সকলোতে চৰ্চা লাভ কৰিছে।

Exit mobile version