প্ৰেমিকাৰ বক্ষ উন্মুক্ত কৰি চুমা খালে আৰ্জেন্টিনাৰ সাংসদে

Screenshot 165

ভিডিঅ’ কনফাৰেঞ্চ অব্যাহত থকাৰ সময়তে পুনৰ সংঘটিত হ’ল অনৈতিক কাৰ্য । এইবাৰৰ স্থান আৰ্জেন্টিনা । অধিবেশন চলি থকাৰ সময়তে প্ৰেমিকাৰ বক্ষত চুম্বন কৰিলে এজন সাংসদে । ঘটনাটোক লৈ তৎমুহুৰ্ততে স্থগিত ৰাখিবলগীয়া হয় অধিবেশন । ঘটনাটোক লৈ নিলম্বনৰ সন্মুখীন হ’বলগীয়া হয় সাংসদ জুয়ান এমিল’ আমেৰিয়ে ।

কৰ’না সংকটৰ বাবে বিশ্বৰ বহু দেশৰ দৰে আৰ্জেন্টিনায়ো ভাৰ্চুৱেল অধিবেশনৰ পথ ল’বলগীয়া হৈছে । ঘৰৰ পৰাই অধিবেশনত অংশগ্ৰহণ কৰিছে সাংসদসকল । ভিডিঅ’ কনফাৰেন্সত আন এজন সাংসদে বক্তব্য দি থকাৰ সময়তে আমেৰিৰ কোলাত বহে তেওঁৰ প্ৰেমিকা । কোলাত বহা প্ৰেমিকাৰ উন্মুক্ত বক্ষত চুমা খাবলৈ আৰম্ভ কৰে সাংসদ জনে ।

এই ঘটনা দৃষ্টিলৈ অহাৰ লগে লগে অধিবেশন স্থগিত ঘোষণা কৰে সংসদৰ অধ্যক্ষ চার্জিও মাছাই; কিন্তু ইতিমধ্যে সাংসদজনৰ কৃতকৰ্ম ৰেকৰ্ডিং হৈ গৈছিল । ঘটনাৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে কোনো এজনে । ঘটনা সন্দৰ্ভত অধ্যক্ষ মাছাই কয় যে ভাৰ্চুৱেল অধিবেশনত ইয়াৰ পূৰ্বে নানা ঘটনা ঘটিছে ।

কিন্তু এনে ধৰণৰ যৌনাচাৰৰ ঘটনা অতিকৈ নিন্দনীয় । সেয়েহে ইয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাটো প্ৰয়োজনীয়।ঘটনাটোক লৈ সাংসদ আমেৰিয়ে অৱশ্যে ৰাজহুৱা ক্ষমা বিচাৰিছে । লগতে সাংসদ জনে কয় যে উক্ত সময়ত তেওঁ ইণ্টাৰনেট সংযোগ নথকা বুলি ভাবিছিল । কিছু দিন পূৰ্বে তেওঁৰ প্ৰেমিকাই নিজৰ বক্ষৰ অস্ত্ৰোপচাৰ কৰিছিল । সেয়েহে সকলো ঠিকে আছে নে নাই সেই কথা জানিবলৈহে তেওঁ বক্ষ স্পৰ্শ কৰিছিল ।

 

Exit mobile version