বিজেপিৰ স’তে বিপিএফৰ মিত্ৰতা থকা সত্বেও বিশ্বাসঘাটকতা কৰি ইউপিপিএলৰ স’তে গোপন মিত্ৰতা কৰিছে – সুপ্ৰিয়া ৰাণী ব্ৰহ্ম

20200928 110256

ক’ভিড-১৯ৰ ভয়াবহতাৰ বাবে স্থগিত ৰখা বিটিচিৰ পৰিষদীয় নির্বাচন অতি সােনকালে অনুষ্ঠিত কৰাৰ দাবীত চিৰাঙত বিপিএফৰ মহিলা শাখাই সমদল উলিয়াই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্রদান কৰে । বিপিএফৰ চিৰাং জিলা মহিলা কোষৰ উদ্যোগত পুৱা ১০ বজাত নিজ কার্যালয়ৰ প্রাঙ্গনৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত উপস্থিত হৈ প্রতিবাদ সাব্যস্ত কৰে।

নিৰ্বাচন অনুষ্ঠিত কৰাৰ শ্লো গান দি পৰিস্থিতি উত্তাল কৰি তোলাৰ লগতে কেন্দ্রীয় সভানেত্রী সুপ্রিয়াৰাণী ব্ৰহ্মই জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যিক নির্বাচন আয়ােগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই সন্দৰ্ভত বিপিএফৰ মহিলা কোষৰ কেন্দ্রীয় সভানেত্রী সুপ্রীয়া ৰাণী ব্ৰহ্মই কয় যে আজিৰ দিনত বিপিএফ-বিজেপিৰ মিত্রতা অপ্রাসংগিক আৰু আন্তৰিকতাবিহীন ।

বিজেপিৰ স’তে বিপিএফৰ মিত্রতা বাহাল আছে আৰু সেয়ে নিয়মমতে বিজেপিয়ে বিপিএফক সহায় কৰিব লাগে । কিন্তু সেয়া নকৰি ইউপিপিএল দলকহে সহায় কৰি আছে। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ বিৰুদ্ধে এইদৰে ষড়যন্ত্র কৰাৰাে অভিযােগ কৰে মহিলা বিপিএফৰ কেন্দ্রীয় সভানেত্ৰী গৰাকীয়ে ৷

চিৰাং জিলা বিপিএফৰ মহিলা সভানেত্রী পূৰ্ণিমা ছেত্রীয়ে কয় যে, একেখন নির্বাচন আয়ােগে বিটিচিত নির্বাচনঅনুষ্ঠিত কৰাৰ বিপৰীতে বিহাৰ বা অন্যান্য ঠাইত নিৰ্বাচন অনুষ্ঠিত কৰিছে ৷ এয়া কেনে ধৰণৰ নিয়ম বুলি প্ৰশ্ন উত্থাপন কৰে।

Exit mobile version