সংস্কাৰে কৃষকসকলক সৰ্ব্বোচ্চ লাভ আগবঢ়াব

WhatsApp Image 2020 09 28 at 11.20.46 AM

বিৰােধী দল তথা কৃষক সংগঠনে অব্যাহত ৰখা ব্যাপক প্রতিবাদ মাজতে আজি তিনিওখন কৃষি সংশােধনী বিধেয়কত ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দে স্বাক্ষৰ কৰে। ইয়াৰ লগে লগে আইনত পৰিণত হয় এই বিধেয়ককেইখন। এই প্ৰসংগতে কেন্দ্রীয় তথ্য আৰু প্ৰচাৰ মন্ত্রী প্রকাশ জাৱড়েকাৰে এক আছুতীয়া সাক্ষাতত কয় যে সংশােধিত আইনে কৃষকসকলক হ্রস্ব আৰু দীর্ঘকালীন লাভ দিব।

এই ক্ষেত্ৰত বিৰােধী দল কংগ্রেছৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে ৭০ বছৰে দেশক শাসন কৰা ন্যস্ত স্বার্থজড়িত চক্ৰটোৰ দ্বাৰা কৃষকসকল বিপথে পৰিচালিত হােৱাটো উচিত নহয় । মন্ত্রীজনে স্পষ্ট কৰি দিয়ে যে নতুন নিয়ম অনুসৰি মধ্যভােগী অবিহনেই কৃষকে নিজৰ উৎপাদিত সামগ্রী উপভােক্তাক প্রত্যক্ষভাৱে বিক্রী কৰিব পাৰিব ।

ইয়াৰ জৰিয়তে কৃষকসকলৰ বর্তমান বাহাল থকা বিকল্প ব্যৱস্থাসমূহ আঁতৰি নাযায়, বৰঞ্চ অধিক বিকল্প পথহে মুকলি হ’ব । এই আইনে কৃষি প্রধান ৰাজ্যসমূহক অধিক লাভবান কৰিব বুলিও জাৱড়েকাৰে মন্তব্য কৰে।

তেওঁ লগতে কয়, “আমাৰ দেশে কে’বাদশক ধৰি কেৱল এটা ব্যৱস্থাতে চলি থাকিল। কৃষি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে তাত নতুন ব্যৱস্থাৰ সংযােজন নহ’ল। পৰিৱর্তিত পৰিস্থিতিত সর্বোত্তম লাভ আদায়ৰ বাবে কৃষকসকলক প্রয়ােজন হৈছে নতুন ব্যৱস্থাৰ। সংশােধিত কৃষি আইনত তেনে ব্যৱস্থাই সন্নিৱিষ্ট কৰা হৈছে। এই আইনৰ প্ৰথম চৰ্তটোৱে হৈছে কৃষকৰ কল্যাণ সাধন। ক্ষুদ্র আৰু বৃহৎ কৃষকৰ প্ৰয়ােজনীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ইয়াত ব্যৱস্থা লােৱা হৈছে।

ইয়াৰ উদাহৰণ দাঙি ধৰি মন্ত্রী জাৱড়েকাৰে কয়, ‘বতৰৰ বাবে বহু সময়ত যি শস্য বিনষ্ট হয় তাৰ সম্পূর্ণ বােজা ইমান দিনে কৃষকৰ মূৰৰ ওপৰত পৰি আহিছে। নতুন আইনৰ জৰিয়তে কৃষকৰ সেই বােজা হ্রাস পাব অথবা নােহােৱা হ’ব । এই আইনত কৃষকৰ ভূমি বিক্রী, লীজ অথবা বন্ধকত দিয়াতাে বাধা আৰােপ কৰা হৈছে।

আকৌ কোনাে ব্যক্তিগত প্রতিষ্ঠানৰ লগত যদি কৃষকে চুক্তি কৰে তেনেহ’লে যিকোনাে সময়ত সেই চুক্তি কৃষকজনে বাতিলাে কৰিব পাৰিব। তাৰ বিপৰীতে ব্যক্তিগত প্রতিষ্ঠানটোৱে একপক্ষীয়ভাৱে চুক্তি বাতিল কৰিব নােৱাৰে আৰু চুক্তি অনুসৰি সন্মত হােৱা ধনৰাশিও পৰিশােধ কৰিব লাগিব। গতিকে সম্ভাব্য সকলাে পৰিস্থিতিতে কৃষক সুৰক্ষিত থাকিব ।

নতুন আইনে কৃষকে ইমান দিনে বান্ধ খাই থকা শিকলি ছিঙি পেলাব আৰু তেওঁলােকক মধ্যভােগীৰ কবলৰ পৰা মুক্ত কৰিব। এই আইনে কৃষকৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰিব । কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ কৃষি বিধেয়কৰ লগতে অত্যৱশ্যকীয় সামগ্রী আইনতাে সংশােধনী বিধেয়ক উত্থাপন কৰে ।

সংসদত অনুমােদন লাভ কৰা এই বিধেয়কক লৈয়াে ব্যাপক প্রতিক্রিয়া অব্যাহত আছে। কাৰণ আলু, পিয়াজকে ধৰি কে’বাবিধাে সামগ্রীক নতুন বিধেয়কত অত্যাৱশ্যকীয় পণ্যৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ।

এই সন্দৰ্ভতাে কেন্দ্রীয় মন্ত্রীজনে কয় যে তালিকাৰ পৰা কৰ্তনৰ অৰ্থ এয়া নহয় যে সামগ্রীবােৰৰ ওপৰত কৃত্রিম মূল্যৰ বােজা জাপি দিয়া হ’ব। বৰঞ্চ প্রকৃত মূল্যহে সামগ্রীকেইবিধৰ ওপৰত আৰােপিত হ’ব আৰু ইয়াৰ দ্বাৰাও কৃষক লাভান্বিত হ’ব বুলি তেওঁ দোহাৰে।

Exit mobile version