আপুনি অভিযুক্ত নহ’লেও আৰক্ষীয়ে আপোনাৰ ফোন জব্দ কৰিব পাৰেনে ?

deepika sara shraddha 1601353015

সম্প্ৰতি NCBয়ে মাদকদ্ৰব্যৰ সন্দৰ্ভত প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়াৰ লগতে বলীউদৰ বহু হাইপ্ৰফাইল অভিনেত্ৰীক সোধপোছ কৰি আছে । NCB য়ে প্ৰথমতে ৰিয়া চক্ৰৱৰ্তী আৰু প্ৰয়াত সুশান্তৰ প্ৰাক্তন মেনেজাৰ জ’য়া সাহাৰ ম’বাইল ফোন জব্দ কৰাৰ পাছত শেহতীয়াকৈ দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলি খানৰ মোবাইল ফোনসমূহ জব্দ কৰিছে ।

এতিয়া কথা হ’ল আৰক্ষীয়ে কোনো বিষয়ৰ তদন্ত কৰোতে কোনো লোকৰ ফোন জব্দ কৰিব পাৰেনে ? হয় পাৰে, ধাৰা ১০২ৰ অনুসৰি যদি আৰক্ষীয়ে তদন্ত কৰা বিষয়টোৰ লগত জড়িত কোনো সামগ্ৰীৰ প্ৰতি সন্দেহ হয় তেন্তে সেই সামগ্ৰীসমূহক জব্দ কৰিব পাৰে ৷ যদি কোনো এজন লোক এটা গোচৰত জড়িত নাথাকে তেন্তে আৰক্ষীয়ে তেওঁৰ সামগ্ৰী জব্দ কৰিব পাৰেনে?

ধাৰা ১০২ৰ CrPC য়ে আৰক্ষীক এটা বিশেষ ক্ষমতা প্ৰদান কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সন্দেহ থাকিলে মোবাইল, লেপটপ আৰু ব্যক্তিগত ডায়েৰীৰ লগতে তদন্তৰ লগত সহায়ক হোৱা সম্পদসমূহ জব্দ কৰিব পাৰে ৷ গতিকে এই ক্ষেত্ৰত কোনো লোক অভিযুক্ত হয় নে নহয় সেই কথা গৌণ হৈ পৰে ৷

আৰক্ষীয়ে জব্দ কৰাৰ পাছত ফোন বা লেপটপৰ তথ্যসমূহ সুৰক্ষিত হৈ থাকে নে? এই সন্দৰ্ভত তদন্তকাৰী এজন বিষয়াই কয় যায় কোনো লোকৰ ব্যক্তিগত ফোন বা লেপটপৰ দৰে সামগ্ৰীসমূহ জব্দ কৰিলেও সেই সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নহয় । লোকজনৰ সকলো তথ্য গোপন কৰি ৰখা হয় । সুশান্তৰ মাদকদ্ৰব্যৰ সেৱন আৰু সববৰাহৰ সন্দৰ্ভত দীপিকা, ছাৰা, শ্ৰদ্ধাৰ মোবাইল ফোন জব্দ কৰা হৈছে ।

এই ক্ষেত্ৰত ফোন জব্দই তদন্তত কি ভূমিকা গ্ৰহণ কৰিব ? এই সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ মন্তব্য অনুসৰি সাধাৰণতে তেওঁলোকে অভিযুক্তৰ ফোনসমূহ জব্দ কৰাৰ পাছত উত্থাপন হোৱা গোচৰটোৰ সন্দৰ্ভত অধিক তথ্য একত্ৰিত কৰিবলৈ সক্ষম হয় । উদাহৰণস্বৰূপে সুশান্তৰ মাদকদ্ৰব্যৰ সেৱন, সৰবৰাহ গোচৰটোৰ “Hash” ক’ত, কোনে, কিয় খুজিছিল সেই সম্পৰ্কত জানিবলৈ সুবিধা হ’ব ।

আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহ অভিযুক্তই কেতিয়া ঘূৰাই পাব ? সামগ্ৰীসমূহ ঘূৰাই দিয়া নিদিয়া বিষয়টো আৰক্ষীয়ে ঘটনাৰ লগত জৰিত বিষয়সমূহ লাভ কৰিছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ আনহাতে সামগ্ৰীসমূহৰ স্বতাধিকাৰীয়ে পুনৰ তেওঁৰ সামগ্ৰীসমূহক বিচাৰি আদালতত আবেদন কৰিব পাৰে ৷

যদি ফোনৰ তথ্যসমূহ গোচৰটো তদন্ত কৰাত সহায়ক হয় তেন্তে আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহ স্বতাধিকাৰীয়ে পাবলৈ গোচৰটোৰ সমাধান হোৱালৈ অপেক্ষা কৰিব লাগিব ।

Exit mobile version