উত্তৰ প্ৰদেশৰ দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগী যুৱতীৰ ন্যায় বিচাৰিলে কংগনা ৰণৌট আৰু ৰিচা চদ্ধাই

richa chadha kangana ranauit 1580211699

দেশ জোকাৰি যোৱা এক ধৰ্ষণৰ ঘটনা । কেৱল ধৰ্ষণেই নহয়, কাটি পেলাইছিল যুৱতীগৰাকীৰ জিভাও । উত্তৰ প্ৰদেশত প্ৰায় দুসপ্তাহৰ আগতে চাৰি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ পাছত দিল্লীৰ চিকিৎসালয়ত মূমূৰ্ষ অৱস্থাৰে মৃত্যুৰ স’তে যুঁজি আছিল ২০ বছৰীয়া যুৱতী গৰাকী।

যুৱতীগৰাকীৰ ন্যায়ৰ দাবী জনাই বলিউদৰ অভিনেত্ৰী কংগনা ৰণৌটে প্ৰশ্ন কৰে যে, “প্ৰতিবছৰে দেশত বৃদ্ধি পোৱা ধর্ষণকাৰীক গুলি কৰাৰ বাহিৰে অন্য উপায় নাই নেকি ?” লগতে কয় যে, এইসকল ধর্ষণকাৰীক ৰাজহুৱাভাৱে গুলি মাৰক ।

প্ৰতিবছৰে বৃদ্ধি পোৱা এই গণধৰ্ষণৰ সমাধান কি আছে? আনহাতে, অভিনেত্ৰী ৰিচা চদ্ধায়ো টুইটাৰত যুৱতীগৰাকীৰ ন্যায় দাবী কৰি কয় যে, “প্ৰত্যেকৰে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। অপৰাধীক শাস্তি দিয়া উচিত।”

Exit mobile version