এগৰাকী অভিনেত্ৰীৰ মৃত্যু পাছত জাপানত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা

https s3 ap northeast 1.amazonaws.com psh ex ftnikkei 3937bb4 images 0 1 6 1 29601610 3 eng GB Cropped 1601167393GettyImages 975014858

সমগ্ৰ বিশ্বত Miss Sherlock নামেৰে প্ৰসিদ্ধ জাপানী অভিনেত্ৰী Yuko Takeuchi ৰ মৃত্যুৱে দেশখনৰ উচ্চ পদস্থ বিষয়াৰ লগতে মন্ত্ৰীসকলক ভবাই তুলিছে। কাৰণ Yuko ৰ’ মৃত্যুৰ পাছতেই জাপানত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা ৷সম্প্ৰতি জাপান চৰকাৰে লোকসকলক আত্মহত্যা নকৰিবলৈ আহ্বান কৰিছে ৷

জনপ্ৰিয় অভিনেত্ৰী Yuko Takeuchi ৰ মৃত্যুৰ পাছত জাপানৰ চৰকাৰে দেশখনৰ নাগৰিকক আহ্বান কৰিছে যে যদি তেওঁলোকে সংঘৰ্ষ কৰিছে বা বিপদত পৰিছে তেন্তে আন কাৰোবাৰ সহায় লওক। লগতে সকলোকে আত্মহত্যা প্ৰৱণতা থকা লোকসকলক সহায় কৰিবলৈ আহ্বান কৰে ৷

আনহাতে জাপানৰ কেবিনেটৰ সচিব Katsunobu katoয়ে অভিনেত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। কিন্তু কৰ’না ভাইৰাছৰ প্ৰসংগত কয় যে মহামাৰীৰ এই সংকটৰ সময়ত আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে ৷

আমি এই সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে ল’ব লাগিব। কাৰণ ইমান বৃহৎ সংখ্যক লোকে কিয় আত্মহত্যা কৰিছে?কেবিনেট সচিবে জাপানবাসীক আত্মহত্যা ৰোধৰ সহায়ক সংগঠন বা তেনেধৰণৰ সেৱা ল’বলৈ আহ্বান কৰে ।

আনহাতে জাপানৰ মনোৰঞ্জন জগতৰ লগত জড়িত বহু ৰথী মহাৰথীয়ে সম্প্ৰতি আত্মহত্যা কৰিছে। ইপিনে দেশখনত কেৱল আগষ্ট মাহতেই ১,৯০০ জন লোকে আত্মহত্যা কৰিছে ৷

Exit mobile version