কাক সুৰক্ষা দিয়াৰ চেষ্টা চলিছে

Screenshot 151

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা ভয়াৱহ কেলেংকাৰিৰ সম্পৰ্কত অব্যাহত থকা তদন্তৰ মাজতে ৰক্ষণাবেক্ষণৰো অংক চলিছে নেকি? সম্প্ৰতি এই কেলেংকাৰিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী মহপৰিদৰ্শক কুখ্যাত পি কে দত্ত । তেওঁৰ লগতে অন্যতম অভিযুক্তৰূপে চিহ্নিত কৰা হৈছে বিজেপি নেতা দ্বিবন ডেকাক ।

লক্ষণীয়ভাৱে এই কেলেংকাৰি পোহৰলৈ অহাৰ পাছতে দুয়োৱে আত্মগোপন কৰে আৰু এই পৰ্যন্ত তেওঁলোকৰ কোনো শুংসূত্ৰ নাইো ইতিমধ্যে অসম আৰক্ষীয়ে দুয়োকে পলাতক ঘোষণা কৰি পুৰস্কাৰ ঘোষণা কৰিছে ৷

এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে ৰাজ্য কঁপোৱা এই কেলেংকাৰিৰ নেতৃত্বত একমাত্ৰ দত্তই নেতৃত্ব দিছিল নে? ৰাইজৰ মাজত এই প্ৰশ্নৰো সমানে চৰ্চা চলিছে  ৷ কাৰণ প্ৰতিটো এনে এনে বৃহৎ কেলেংকাৰিতে কেৱল এটা পক্ষই জড়িত নাথাকে । বহু ৰৌ বৰালি সাঙোৰ খাই থাকে ৷

উপ পৰিদৰ্শক পদত নিযুক্তিক লৈ এই পৰ্যন্ত যিমানবোৰ তথ্য পোহৰলৈ আহিছে তাৰ দ্বাৰা স্পষ্ট হৈছে যে এক বৃহৎ পৰিসৰৰ চক্ৰ সমগ্ৰ কেলেংকাৰিটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে ৷ সেইসকলক ৰক্ষণাবেক্ষণ দিবলৈকে পূৰ্বৰে পৰাই বিভিন্ন কাৰণত কলংকিত একমাত্ৰ দত্তৰ ওপৰতে ৰাইজৰ দৃষ্টি নিৱদ্ধ কৰাৰ কৌশলী পদক্ষেপ সংশ্লিষ্ট চক্ৰটোৱে অব্যাহত ৰাখিছে নেকি ?

সেই বাবেই প্ৰশ্নকাকত কেলেংকাৰিতকৈয়ো কৌশলগতভাৱে দত্তৰ সম্পত্তিৰ ওপৰতে সংশ্লিষ্ট চক্ৰবোৰে সম্প্ৰতি অধিক গুৰুত্ব দিয়াই নহয় তাৰ ব্যাপক প্ৰচাৰতো কৌশলী স্থিতি লৈছে । অপাৰ দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে দত্তই । ৰাইজক মাজত হোৱা চৰ্চা অনুসৰি মূল কেলেংকাৰিটোত জড়িত শক্তিশালী চক্ৰটোক দিবলৈ গৈ এতিয়া সকলোৱে জঁপিয়াই পৰিছে দত্তৰ ধন সম্পত্তিৰ হিচাপক লৈ । বেছিভাগ কেলেংকাৰিৰে পৰিণতি এনেকুৱাই হয় ।

উদাহৰণস্বৰূপে সমাজ কল্যাণ বিভাগৰ ভুৱা অংগনাৱাড়ী কেন্দ্ৰ আৰু অদৃশ্য ছাত্ৰ ছাত্ৰীৰ নামত ২২শ কোটিতকৈও অধিক টকাৰ যি কেলেংকাৰি পূৰ্বৰ চৰকাৰৰ দিনত সংঘটিত হৈছিল তাৰ তদন্ত বৰ্তমান চৰকাৰৰ দিনত কৌশলেৰে অন্য দিশলৈ লৈ যোৱা হয় ।

ইপিনে আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বহিঃৰাজ্যত আত্মগোপন কৰা দ্বিবন ডেকাৰ ম’বাইল ফোন চাৰিদিন আগলৈ সক্ৰিয় আছিল ৷ তেতিয়ালৈ ডেকা এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত বুলি তথ্য উদ্ধাৰ হৈছিল ৷ ডেকাক ৰক্ষণাবেক্ষণ দিবলৈও শাসকপক্ষৰ এটা চক্ৰ ইতিমধ্যে সক্ৰিয় হৈ উঠিছে । আৰক্ষী নিযুক্তিত হোৱা কেলেংকাৰিত পুনৰ ছজন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি ধ্ৰুৱজ্যোতি বৰ্মন নামৰ এজন যুৱকে নলবাৰী আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত অনুসন্ধান চলাই কুলদীপ ৰাজবংশী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হয় । বৰ্মনে অভিযোগ কৰিছিল যে উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে কুলদীপে তেওঁৰ পৰা ধন বিচাৰিছিল ।

অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুলদীপক । তদুপৰি মহানগৰীৰ পাথৰকুঁৱেৰিতো চি আই ডিয়ে অভিজিত বড়ো নামৰ এজন যুৱকৰ সন্ধান অব্যাহত ৰাখিছে । আৰক্ষীৰ অভিযানৰ পূৰ্বে অভিজিতে আত্মগোপন কৰে ।

Exit mobile version