কেন্দ্ৰীয় চৰকাৰে কিহৰ ভিত্তিত আৰু কেতিয়ালৈকে মেহবুবা মুফতিক গৃহবন্দী কৰি ৰাখিব বিচাৰেঃ উচ্চতম ন্যায়ালয়

WhatsApp Image 2020 09 29 at 2.29.25 PM

জম্মু কাশ্মীৰত অনুচ্ছেদ ৩৭০ সমাপ্তিৰ পূৰ্বৰে পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, ফাৰুখ আব্দুলা আৰু ওমৰ আব্দুলাৰ লগতে বহু নেতাক গৃহবন্দী কৰিছিল কেন্দ্ৰীয় চৰকাৰে  ৷ শেহতীয়াকৈ ফাৰুখ আব্দুলা আৰু ওমৰ আব্দুলাক মুকলি কৰি দিছে চৰকাৰে ৷ কিন্তু মেহবুবা মুফতিক এতিয়াও গৃহবন্দী কৰি ৰখা হৈছে। আজি আদালতত মেহবুবা মুফতিৰ কন্যা ইল্তিজাই মাতৃৰ মুক্তিৰ কাৰণে আবেদন কৰিছে ৷

আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে তুষাৰ মেহতাক প্ৰশ্ন কৰে যে কেতিয়ালৈকে আৰু কি আদেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে মুফতিক গৃহবন্দী কৰি ৰাখিব বিচাৰে ৷ আনহাতে আদালতে তুষাৰ মেহতাক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ আহ্বান কৰে ।

লগতে উচ্চতম ন্যায়ালয়ে কয় যে কাৰোবাক অধিক সময়ৰ কাৰণে গৃহবন্দী কৰি ৰাখিব নোৱাৰি ৷ এই সন্দৰ্ভত বিকল্প পথৰ সন্ধান থাকিব লাগে । দৰাচলতে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ জীয়ৰীয়ে উচ্চতম ন্যায়ালয়ত লোক সুৰক্ষা আইনৰ অধীনত গৃহবন্দীক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল । উল্লেখযোগ্য যে PDPৰ অধ্যক্ষ মেহবুবা মুফতিক জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰা পূৰ্বতে চৰকাৰে গৃহবন্দী কৰিছিল ।

Exit mobile version