ডান্স ইণ্ডিয়া ডান্সৰ ভাইৰেল ভিডিঅ’ৰ সন্দৰ্ভত মুখ খুলিলে নোৰা ফাতেহিয়ে

WhatsApp Image 2020 09 29 at 4.05.26 PM

ডান্স ইণ্ডিয়া ডান্সৰ ৰিয়েলিটি শ্ব’টোৰ নোৰা ফাতেহি আৰু কৰিঅ’গ্ৰাফাৰ টেৰেন্স লুইছৰ এটি ভাইৰেল ভিডিঅ’ । ভিডিঅ’টোত নোৰা ফাতেহিক অশ্লীল স্পৰ্শ কৰাৰ পাছত সমালোচনাৰ সন্মূখীন হৈছিল টেৰেন্স । ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰত্যাক্ৰমণ কৰে টেৰেন্সক ।

ইয়াৰ পিছতে এই সন্দৰ্ভত মুখ খুলিছে বলিউদৰ আকৰ্ষণীয় অভিনেত্ৰী নোৰা ফাতেহিয়ে । ডান্স গুৰু টেৰেন্সে ইনষ্টাগ্ৰামত এই সন্দৰ্ভত পোষ্ট শ্বেয়াৰ কৰিছিল আৰু সেই পোষ্টটোতে নোৰাই কমেন্ট কৰে যে, “ধন্যবাদ টেৰেন্স, বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ফটো বা ভিডিঅ’ ফটোশ্ব’পৰ দ্বাৰা বিকৃত কৰা হয়। মোৰ খুব ভাল লাগিছে যে বিষয়টোক লৈ আপুনি শান্ত হৈ আছে। আপুনি আৰু গীতা মেডাম দুয়োজনেই মোৰ অতি শ্ৰদ্ধাৰ। এই শ্ব’টোৰ বিচাৰক হ’বলৈ পাই মই যথেষ্ট সুখী। আৰু ইয়াৰ পৰা বহু সন্মান আৰু মৰম পাইছো। লগতে বহু কথাই শিকিব পাৰিছো । কুশলে থাকক।”

ব্যাপকভাৱে ভাইৰেল হোৱা ভিডিঅ’টিত জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ বিচাৰক টেৰেন্সকে ধৰি বাকীকেইজন বিচাৰকে প্ৰকৃততে নমস্কাৰহে জনাইছিল । এই কথাটোকে টেৰেন্সে সকলোৰে জ্ঞাতাৰ্থে খুব সুন্দৰকৈ বুজাই নোৰাক ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version