ধুবুৰীত বাল্য বিবাহৰ ঘটনা : পৰিয়ালৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন

pakistan woman abduction reuters

বৰ্তমানেও ধুবুৰী জিলাত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা । কেইদিনমান পূর্বে ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলৰ ভিতৰুৱা গাঁওৰ শুকুৰ আলী নামৰ ব্যক্তি এজনৰ ঘৰত বিবাহৰ আয়ােজন কৰা হৈছিল । শুকুৰ আলীৰ নাবালক পুত্ৰৰ সৈতে গােলকগঞ্জৰ জুৰাণ আলীৰ নাবালিকা কন্যাৰ সৈতে বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ।

পিছত তামাৰহাট আৰক্ষীয়ে এই খবৰ পােৱাৰ পিছতেই বিবাহস্থলীত উপস্থিত হৈ দৰা আৰু কইনাক উদ্ধাৰ কৰে । আৰক্ষীৰ উপস্থিতিৰ কথা গম পায় তৎক্ষণাতে দুয়ােটা পৰিয়ালৰ অভিভাৱক আৰু কাজী বিবাহস্থলীৰ পৰা পলাই পত্রং দিয়ে যদিও পিছত আৰক্ষীয়ে দৰা-কইনাক উদ্ধাৰ কৰি অভিভাৱক আৰু কাজীৰ বিৰুদ্ধে বাল্যবিবাহ আইনৰ অধীনত ১০/১১ ধাৰাত এক গােচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে।

ইপিনে দৰা আৰু কইনা অপ্রাপ্তবয়স্ক হােৱাৰ বাবে দৰা-কইনাক জিলা শিশু সুৰক্ষা সমিতিক গতাই দিয়ে । আজি জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ চাবিনা বেগমে অনুষ্ঠিত কৰা এখন সংবাদমেলত বাল্যবিবাহৰ সকলাে তথ্য সদৰী কৰি দৰা কইনাক পৃথক স্থানত ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু দোষী ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ।

Exit mobile version