বালিপৰাৰ অসম ভেলী স্কুলৰ ৩৮ জন কৰ্মচাৰী কৰ’নাত আক্ৰান্ত

123597 coronavirus 2

বালিপৰাৰ হাড়চুৰাস্থিত ৰাজ্যৰ অন্যতম এখন বেচৰকাৰী অভিজাত শিক্ষানুষ্ঠান “অসম ভেলী” স্কুলত কৰ’নাৰ গণ সংক্ৰমণ । শিক্ষানুষ্ঠানখনৰ ৩৮ জনকৈ কৰ্মচাৰীৰ দেহত পোৱা গৈছে কৰ’না পজিটিভ । ইয়াৰ লগে লগে শিক্ষানু্ষ্ঠানখনৰ অন্য কৰ্মচাৰী সকল শংকিত হৈ পৰিছে ।

শিক্ষানুষ্ঠানখনৰ এজন কৰ্মচাৰীৰ দেহত কৰ’না পজিটিভ পোৱাৰ পিছতে স্বাস্থ্য বিভাগৰ দ্বাৰা কৰোৱা ৰেপিড এন্টিজেন টেষ্টত ২৩ জনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰ’না পজিটিভ । লগে লগে স্বাস্থ্যবিভাগে শিক্ষানুষ্ঠানখনক কন্টেইনমেনট জ’ন হিচাপে ঘোষণা কৰে । অৱশ্যে এই মূহুৰ্তলৈকে শিক্ষানুষ্ঠানখন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বন্ধ ৰখা আছে ।

উল্লেখযোগ্য যে শোণিতপুৰ জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬,৫৬০ গৰাকী লৈ বৃদ্ধি পায় । ইয়াৰ ভিতৰত ৫,৩১৭ গৰাকী সুস্থ হৈ উঠিছে আৰু ৮০৮ চিকিৎসাধীন অৱস্থাত ২৮ ছেপ্টেম্বৰলৈকে আৰু ২৮ ছেপ্টেম্বৰৰ দিনটোত ২০৪ গৰাকী লোক আক্ৰান্ত হয় ।

আনহাতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ২৮ ছেপ্টেম্বৰৰ পৰা ৩ লাখ লোকক ক’ভিড পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰে শোণিতপুৰ জিলাত আজিৰ দিনটোত ২১৭ গৰাকী ক’ভিড পজিটিভ পোৱা গৈছে । মনকৰিবলগীয়া যে এতিয়া মহামাৰী সংক্ৰমণ চহৰৰ পৰা গাঁও অঞ্চলত যথেষ্ট বৃদ্ধি পাইছে ।

Exit mobile version