সাৱধান ! এইবাৰ আহি আছে ‘কেট কিয়ু‍্য’

WhatsApp Image 2020 09 29 at 7.10.57 PM

সমগ্ৰ বিশ্বতেই কৰ’না ভাইৰাছৰ তাণ্ডৱ লীলা শেষ নহওঁতেই চীনৰ আন এটি ভাইৰাছ ‘কেট কিয়ু‍্য’য়ে ভাৰততো সংক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে গৱেষক সকলে । কৰ’নাৰ দৰে এই ভাইৰাছ বিধেও সন্ত্ৰাস চলাব পাৰে বুলি আই চি এম আৰে জনাইছে । চীনৰ লগতে ভিয়েটনামতো এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ।

এই ভাইৰাছত আক্ৰান্ত হ’লে শৰীৰত জ্বৰ, meningitis, এনকেফেলাইটিছৰ লক্ষণ শৰীৰত দেখা দিব । গাহৰিৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে। ‘ক্লুলেক্স’ নামৰ এবিধ ম’হে এই ভাইৰাছ বিয়পায় । ইতিমধ্যে বিজ্ঞানীসকলে বিভিন্ন ৰাজ্যৰ ৮৮৩ জনৰ শৰীৰৰ ‘চেৰাম চেম্পল’ সংগ্ৰহ কৰিছিল । ইয়াৰে ভিতৰত দুজনৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । লগতে দুয়োজনৰ শৰীৰে এই ভাইৰাছৰ বিৰুদ্ধে এন্টিবডী গঠন কৰিছে ।

‘ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিচাৰ্ছ’য়ে জুন মাহত কৰা এটা গৱেষণাত উল্লেখ কৰা হৈছে যে ‘চেৰাম চেম্পল’ সংগ্ৰহ কৰা লোকসকলৰ শৰীৰত ‘Anti-CQV IGG’ এন্টিবডী পোৱা আৰু ম’হে এই এন্টিবডী কঢ়িওৱা সমতাক কেন্দ্ৰ কৰি এই তথ্য প্ৰতিপন্ন হৈছে যে ভাৰতত এই ভাইৰাছ পূৰ্ণ গতিত সংক্ৰমণ হোৱাৰ আশংকা আছে ।

মানুহ আৰু গাহৰিৰ ‘চেৰাম চেম্পল’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা উচিত । তেতিয়াহে জানিব পৰা যাব এই ভাইৰাছ আমাৰ মাজত পূৰ্বৰে পৰাই আছে নেকি । এই ভাইৰাছৰ সন্দৰ্ভত এজন বৈজ্ঞানিকৰ মতে, ‘ভাৰতত কিছুমান ম’হ CQV ভাইৰাছৰ ক্ষেত্ৰত সংবেদনশীল । এই ম’হে এই ভাইৰাছ বিয়পোৱাৰ একমাত্ৰ কাৰক হ’ব পাৰে ।’

Exit mobile version