অসম নাগালেণ্ড সীমান্তত অৰ্থনৈতিক অৱৰোধ

WhatsApp Image 2020 09 29 at 4.36.09 PM

যোৱা ২২ ছেপ্তেম্বৰত নাগালেণ্ডৰ ডিমাপুৰত আততায়ীয়ে গুলীয়াই হত্যা কৰা ধেমাজিৰ যুৱক জীতেন গগৈৰ মৃত্যুৰ ন্যায়িক তদন্ত আৰু নাগালেণ্ডত অব্যাহত থকা অবৈধ কৰ সংগ্ৰহৰ বন্ধৰ দাবীত আজিৰ পৰা অসম আৰু নাগালেণ্ডৰ কেবাটাও সংগঠনে অনিৰ্দিষ্ট কালৰ বাবে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰি ডিমাপুৰলৈ যাব লগীয়া সকলো প্ৰকাৰৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক বন্ধ কৰি দিয়ে ৷

ডিমাপুৰ ট্ৰাক মালিক সন্থা,ডিমাপুৰ ট্ৰাক চালক সংঘ,ডিমাপুৰ জিলা ট্ৰাক চালক কল্যাণ ট্ৰেড সংঘ,লাহৰীজান আৰু খটখটী ট্ৰাক মালিক কল্যাণ সংস্থা আৰু বোকাজান ট্ৰাক মালিক সন্থাৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

প্ৰতিবাদী সংগঠনসমূহে সংবাদ মাধ্যমক জনোৱা মতে ২৫ ছেপ্তেম্বৰতে তেওঁলোকে জীতেন গগৈৰ মৃত্যুৰ তদন্ত আৰু ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবৰ বাবে নগালেণ্ড চৰকাৰক তিনিদিনৰ সময়সীমা বান্ধি দিছিল যদিও নগালেণ্ড চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে ৷

সেয়েহে নিৰ্দিষ্ট সময়সীমা উকলি যোৱাত নাগালেণ্ডৰ বিৰুদ্ধে এই অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ অৱৰোধত অংশগ্ৰহণ কৰা বিষয়ববীয়াই জনোৱা মতে ডিমাপুৰত অব্যাহত থকা অবৈধ কৰ সংগ্ৰহৰ পৰিণতিতেই ট্ৰাক চালক,মালিক ব্যৱসায়ীসকল এনদৰে ভুক্তভোগী হৈ আহিছে৷

সেয়েহে নাগালেণ্ড চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়া,অবৈধ কৰ সংগ্ৰহ বন্ধ কৰি ট্ৰাক চালক সকলক নিৰাপত্তা দিয়া আদি বিষয়ৰ ওপৰত নিশ্চয়তা প্ৰদান নকৰালৈকে এই অৱৰোধ কাৰ্যসূচী চলি থাকিব বুলি প্ৰতিবাদকাৰী সংস্থাসমূহে জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমাপুৰ সংলগ্ন সীমান্তত ট্ৰাকসমূহ ডিমাপুৰত প্ৰৱেশৰ পৰা বিৰত ৰাখিছে প্ৰতিবাদকাৰীসকলে ৷

Exit mobile version