আগষ্টৰ পৰা প্ৰত্যেক ১৫ জনৰ ভিতৰত এজন লোক আক্ৰান্ত হৈছে কৰ’নাতঃ আইচিএমআৰ

2Pune ICMR approves Golwilka

১৫ জনৰ ভিতৰত এজন ব্যক্তি চলিত বৰ্ষৰ আগষ্টৰ ভিতৰত ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ভাৰতত ICMR য়ে দ্বিতীয় পৰ্যায়ৰ সমীক্ষাত এই কথা প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত ICMR ৰ বিষয়া বলৰাম ভাৰ্গৱে কয় যে গ্ৰামাঞ্চলতকৈ বস্তি অঞ্চলত SARS-Cov2 আক্ৰান্তৰ সংখ্যা অধিক । বস্তি অঞ্চলত ক’ভিড-১৯ত আক্ৰান্ত হাৰ ১৫.৬ শতাংশ ৷

আনহাতে ৰাজ্যত সমাগত বিভিন্ন উৎসৱ বা শীত কালত ক’ভিড-১৯ৰ সংক্ৰমণ সন্দৰ্ভত আশংকা প্ৰকাশ কৰে ICMRয়ে ৷ গতিকে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল’বলৈ কয় ৰাজ্য চৰকাৰসমূহক । ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে ICMR ৰ দ্বিতীয় সমীক্ষা অনুসৰি ভাৰতত এতিয়াও বহু ৰাজ্য ক’ভিড-১৯ ৰ সন্ত্ৰাসৰ মাজত আছে ।

আনহাতে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে দেশৰ জনসাধাৰণে এতিয়াও কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হোৱা নাই। লগতে স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে পূজাস্থলীসমূহত মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে।

Exit mobile version