সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত চিবিআইক প্ৰতিবেদন দাখিল কৰিলে এইমছে

nationalherald 2020 06 5a9db24a 2714 477c be52 a004ed7586e0 sushant

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ দিল্লীৰ এইমছৰ এটা চিকিৎসকৰ দলে CBI ক প্ৰতিবেদন অৰ্পণ কৰিছে ৷ এক বিশেষ সূত্ৰৰ মতে, এইমছৰ চিকিৎসকৰ প্ৰতিবেদনত উল্লেখ আছে যে সুশান্তৰ মৃত্যু বিহ দিয়াৰ কাৰণে হোৱা নাছিল ৷ ইতিমধ্যে সুশান্তক বিহ দিয়া হৈছিল বুলি অভিযোগ কৰিছে অভিনেতাজনৰ পৰিয়াল আৰু অন্যান্য লোকে ৷

আনহাতে মুম্বাইৰ আৰক্ষীৰ মন্তব্য অনুসৰি সুশান্তে আত্মহত্যাই কৰিছে ৷ অভিনেতাগৰাকীক বিহ দিয়া হোৱা নাছিল । ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ১৪ জুনত মুম্বাইস্থিতি বাসগৃহত পোৱা গৈছিল । ইয়াৰ পাছতেই মুম্বাইৰ আৰক্ষীয়ে এইয়া আত্মহত্যা বুলি ক’লেও ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত বহুত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ লগতে অভিযোগ-প্ৰতি অভিযোগৰ সৃষ্টি হয় ৷

সুশান্তৰ ন্যায়ৰ সন্দৰ্ভত “জাষ্টিছ ফ’ৰ সুশান্ত” নামেৰে এটা অভিযানো চলে । সুশান্তৰ পৰিয়ালে অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বহু অভিযোগ কৰে ৷ এই অভিযোগৰ মাত্ৰা বৃদ্ধি হৈ শেষত CBIৰ তদন্তলৈ পৰিৱৰ্তন হয় । CBI লগতে সহযোগ কৰে NCB আৰু EDয়ে  ৷ এক বিশেষ সূত্ৰৰ মতে CBI য়ে সুশান্তক আত্মহত্যা কৰিবলৈ উচতনি দিয়াৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিব পাৰে ৷

আনহাতে সুশান্তৰ পৰিয়াল আৰু বন্ধুবৰ্গই প্ৰশ্ন কৰিছিল যে তেওঁৰ মৃত্যু কেনেকৈ হ’ল ? অভিনেতাজনৰ পৰিয়ালে ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত প্ৰতাৰণা, সুশান্তে নজনাকৈয়ে ঔষধ দিয়া আদি বহু অভিযোগ কৰিছে । বিগত সপ্তাহত পৰিয়ালৰ অধিবক্তা বিকাশ সিঙে দাবী কৰে যে এইমছৰ এজন চিকিৎসকে সুশান্তৰ ডিঙি চেপি ধৰিছিল বুলি সদৰী কৰে ৷

ইপিনে আজি ভায়খলা কাৰাগাৰত বন্দী হৈ থকা ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনৰ শুনানি হ’ব ৷ কিন্তু ৰিয়া কাৰাগাৰতে থাকিব নে মুকলি আকাশৰ তললৈ আহিব সেয়া সময়েহে ক’ব ।

Exit mobile version