অথলে গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, আৰু জুবিন গাৰ্গৰ আশ্বাস

rahul das

অসমৰ এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা খাপলাং কাই(ৰাহুল দাস)ক নজনা লোক নিশ্চয় নোলাব৷ ৰং চেনেলৰ ব্যতিক্ৰম ধৰ্মী ধাৰাবাহিক “খাপলাং কাই”ৰ জনপ্ৰিয়তাৰ কথা হয়তো অসমৰ ৰাইজৰ আগত দোহৰাৰ প্ৰয়োজন নহ’ব৷ কিন্তু উজনিৰ পৰা নামনিলৈ সকলোকে আমোদ দিয়া খাপলাং কাইৰ পৰিয়ালৰ খবৰ কোনোবাই ৰাখিছেনে ?

থিয়েটাৰ আৰু দূৰদৰ্শনৰ জনপ্ৰিয় অভিনেতা খাপলাং কাই ওৰফে ৰাহুল দাসৰ মৃত্যুৰ সময়ত অসমৰ নতুন প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিনগাৰ্গ, অভিনেতা যতীন বৰা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি বহু বিশিষ্ট লোক তেওঁৰ মঙলদৈৰ ঘৰলৈ আহি ভিৰ কৰাৰ লগতে প্ৰয়াত শিল্পী গৰাকীৰ বিধৱা পত্নী আৰু নিঠৰুৱা হোৱা পুত্ৰ সন্তান দুটিক সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছিল ।

কিন্তু এইবোৰ যে সময়ৰ সোঁতত ফুটুকাৰ ফেন হৈ পৰিল আৰু তাৰ নিৰ্মম প্ৰতিফলন ঘটিল ৷কাৰণ প্ৰয়াত ৰাহুল দাসৰ অবৰ্তমানত জীৱন আৰু জীৱিকাৰ সন্ধানত দিক্ বিদিক হেৰুৱাই অৱশেষত খাপলাং কাইৰ দৰে এজন জনপ্ৰিয় অভিনেতাৰ পত্নীয়ে মঙলদৈ চহৰৰ কৰিমচ’কৰ ৰাজ পথৰ কাষত পুৱা পাঁচ বজাৰ পৰা প্ৰায় নবজালৈ এখন চাহৰ দোকান দি পৰিয়াল চলাবলৈ বাধ্য হৈছে ৷

ইফালে পৰিয়ালটোৰ এনে পৰিস্থিতিৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি মহামাৰী কৰ’নাই সৃষ্টি কৰা পৰিবেশত বহু অসুবিধাৰ সন্মুখীন হৈছে।

সম্প্ৰতি ”খাপলাং কাই” খ্যাত ৰাহুল দাসৰ বিধৱা পত্নীৰ চৰকাৰলৈ এটাই অনুৰোধ যাতে তেওঁৰ অতুলনীয় শিল্পী সত্বাক স্বীকৃতি দি অলপ হ’লেও সহায়ৰ হাত আগবঢ়ায় ৷ লগতে তেওঁ কয় যে “খাপলাং কাই”ৰ চৰিত্ৰটোৱে ইমান জনপ্ৰিয়তা লাভ কৰাৰ পিছতো আজিলৈকে তেওঁ বা পৰিয়াটোৱে শিল্পী পেঞ্চন নোপোৱাটো অতিকে দুৰ্ভাগ্যজনক কথা। ইপিনে৷ সন্তানৰ পঢ়াৰ ক্ষেত্ৰতো তেওঁ অভাৱনীয় সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

গতিকে চৰকাৰে যাতে এই দুৰ্দশাগ্ৰস্ত শিল্পী পৰিয়ালটিক “শিল্পী পৰিয়াল পেঞ্চন” প্ৰদান কৰি হ’লেও এই আৰ্থিক অভাৱৰ পৰা সকাহ দিয়ে তাৰবাবে আহবান জনাইছে প্ৰয়াত শিল্পী ৰাহুল দাস ওৰফে খাপলাং কাইৰ বিধৱা সহধৰ্মিনীয়ে ।লগতে শুভাকাংক্ষী ৰাইজেও এই শিল্পী পৰিয়ালটিৰ ওপৰত স্থানীয় বিধায়ক গুৰুজ্যোতি দাস বা চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ৷

Exit mobile version