উত্তৰ প্ৰদেশৰ দলবদ্ধ ধর্ষণৰ পীড়িতাক পৰিয়ালৰ লোকৰ অনুপস্থিতিতে অন্তিম সৎকাৰ কৰিলে আৰক্ষীয়ে

WhatsApp Image 2020 09 30 at 6.01.47 PM

প্ৰায় ১৫ দিনৰ সংগ্রামৰ অন্তত মঙলবাৰে দিল্লীৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল উত্তৰ প্ৰদেশৰ এগৰাকী দলবদ্ধ ধর্ষণৰ পীড়িতাই । যুৱতীগৰাকীক মঙলবাৰে নিশা পৰিয়াল আৰু সম্বন্ধীয় লোকৰ অনুপস্থিতিতে অন্তিম সংস্কাৰ কৰে আৰক্ষীয়ে ।

“আমি বিচাৰিছিলোঁ, অন্তিম সংস্কাৰ হিন্দু নীতি-নিয়মৰ মাজেৰে হওঁক। আমি প্ৰতিবাদ কৰা সত্বেও তেওঁলোকে শ্মশানত দাহ কৰে মৃতদেহ । তেওঁলোকে জোৰ জবৰদস্তি মৃতদেহটো উঠাই লৈ যায় আৰু আমি অন্তিম বাৰৰ বাবেও জীৰ মুখখন চাবলৈ নাপালোঁ ।” এই সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে এনেদৰে কয় ।

আনহাতে, পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃতদেহটো নিজ ঘৰলৈ লৈ যাবৰ বাবে জিলা ন্যায়াধীশ প্ৰবীণ কুমাৰ লস্কৰৰ ওচৰত আবেদন কৰিছিল। নিশা প্ৰায় ২.৩০ বজাত পৰিয়ালৰ লোক ঘৰত থকা অৱস্থাত গোপনে আৰক্ষীয়ে মৃতদেহটোৰঅন্তিম সংস্কাৰ কৰে। দলবদ্ধ ধৰ্ষণ কৰা চাৰি দুৰ্বৃত্ত বৰ্তমান জেলত আছে আৰু চাৰিওজনৰ ওপৰত হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায়ৰ ২০ বছৰীয়া যুৱতীগৰাকীক চাৰিজন উচ্চবৰ্ণৰ যুৱকে দলবদ্ধ ধৰ্ষণ কৰিছিল । অভিযুক্ত চাৰি যুৱকে যুৱতীগৰাকীক ধৰ্ষণৰ লগতে নিৰ্মম শাৰিৰীক অত্যাচাৰ চলাইছিল । পীড়িতা গৰাকীক প্ৰচণ্ড মাৰ ধৰ কৰাৰ লগতে ধর্ষণকাৰীয়ে জিভাও কাটি নিছিল ।

পাছত পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু মঙলবাৰে পুৱাতে যুৱতীগৰাকীৰ শেষ নিশ্বাস ত্যাগ কৰে । দলিত যুৱতীগৰাকীৰ দলবদ্ধ ধৰ্ষণ আৰু আৰু হত্যাৰ এই ঘটনাই দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু যুৱতীগৰাকীৰ ন্যায় বিচাৰি দাবী জনাইছে ।

Exit mobile version