‘ক’লা মেকুৰী’ বুলি ছ’চিয়েল মিডিয়াত কাক ‘ট্ৰ’ল’ কৰিলে

WhatsApp Image 2020 09 30 at 5.51.22 PM

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মৰমৰ জীয়ৰী ছুহানা খানক লৈ ছ’চিয়েল মিডিয়াত চলিছে চৰ্চা । সাধাৰণতে ছ’চিয়েল মিডিয়াত ছুহানা নিজৰ ষ্টাইলৰ কাৰণে খুবেই জনপ্ৰিয় । বিভিন্ন ভংগীমাৰ আবেদনময়ী ছুহানাক ফ’ল’ কৰাৰ লোকৰ সংখ্যাও ছ’চিয়েল মিডিয়াত কম নহয় । পিছে ছালৰ ৰং ক’লা হোৱাৰ বাবে ছুহানা চিকাৰ হৈছে ‘ট্ৰ’ল’ৰ ।

ইনষ্টাগ্ৰামত ছুহানাই আপল’ড কৰা ফটোত ‘kaali chudail’ , ‘kaali billi ‘এইদৰে বিৰূপ মন্তব্য কৰিছে বহুতে । ছুহানায়ো মুখ বন্ধ কৰি বহি থকা বিধৰ নহয় । এই সকলোবোৰ মন্তব্যৰ ‘স্ক্ৰীন শ্বট’ মাৰি ইনষ্টাগ্ৰামত প’ষ্ট কৰিলে ছুহানাই ।

লগতে কেপচনত লিখে, ‘এইয়া কেৱল সেই সকলৰ বাবে যাক ঠিক কৰাৰ প্ৰয়োজন আছে । এইয়া কেৱল মোৰ বিষয়ে নহয় ‘ব্ৰাউন’ ৰঙৰ সকলো ছোৱালীৰ বাবে যিয়ে বিনা কাৰণত ছালৰ ৰঙৰ কাৰণে হীনমন্যতাত ভুগিছে ।মোকো গাৰ বৰণক লৈও এই ধৰণৰ বিভিন্নজনে বহুতো মন্তব্য কৰিছে ।যেতিয়া মোৰ বয়স ১২ বছৰ আছিল তেতিয়াই মোক কোৱা হৈছিল মই ক’লা বৰণৰ বাবে দেখিবলৈ কুৎসিত । এইধৰণে কোৱা সকলৰ ভিতৰত পুৰুষৰ লগতে অধিকাংশ মহিলাও আছিল ।’

লগতে কয়, ‘আমি সকলো ভাৰতীয় মূলতে ‘ব্ৰাউন’ কালাৰৰে । কিন্তু স্কীন শ্বেড ভিন্ন হয় । আপুনি মেলানিনৰ পৰা নিজক বচাবলৈ যিয়ে নকৰক সেইটো একো লাভ নাই, আপুনি এনেকুৱা কৰিব নোৱাৰে । নিজৰ মানুহৰ মাজতে এইধৰণে হিংসা কৰিলে এইটোৱে প্ৰমাণ হয় আপুনি নিজক লৈ কিমান অসুৰক্ষিত ।’

শেষত লিখিছে, ‘ক্ষমা কৰিব ! ছ’চিয়েল মিডিয়া, indian match making আৰু আপোনাৰ পৰিয়ালে আপোনাক যদি আপুনি ৫ফুট ৭ ইঞ্চিৰ অথবা আপোনাৰ গাৰ বৰণ বগা নহয় কাৰণে আপুনি সুন্দৰ নহয় । কিন্তু এইটো কথা আপোনালোকক জনাব খুজি মই আশাবাদী যে এই কথাটোৱে আপোনালোকক হয়তো সহায় কৰিব, মোৰ উচ্চতা পাঁচ ফুট তিনি ইঞ্চি ।মোৰ গাৰ বৰণ ‘ব্ৰাউন ‘আৰু মই এইটো লৈ খুবেই সুখী । আপোনালোকো সুখী হোৱাৰ প্ৰয়োজন ।’ ছুহানাৰ এই প’ষ্টটোক সমৰ্থন কৰি বহুজনে মন্তব্য দিছে । ছুহানাৰ এই প’ষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Exit mobile version