কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে আনলক ৫ ৰ নিৰ্দেশনা

cinema hall

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে দেশৰ গৃহমন্ত্ৰণালয়ে আনলক ৫ ৰ নিৰ্দেশনা জাৰি কৰিছে।

১ অক্টোবৰৰ পৰা ৫০ শতাংশ দৰ্শকেৰে ছবিগৃহ,থিয়েটাৰ,মাল্টিপ্লেক্স মুকলিৰ অনুমতি আনলক ৫ত ৷

আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ অনুমতিৰ পাছত খেলুৱৈসকলৰ কাৰণে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰও খুলিব পাৰিব ।

অৱশ্যে সাধাৰণ লোকৰ কাৰণে বন্ধ থাকিব সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷

বিদ্যালয় ,মহাবিদ্যালয় ১৫ অক্টোবৰৰ পৰা খোলাৰ আহ্বান। কিন্তু এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ে ল’ব সিদ্ধান্ত ৷অৱশ্যে অনলাইন ক্লাচ বাহাল থাকিব ।লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ সন্মতি পত্ৰও প্ৰয়োজন হ’ব ।

মনোৰঞ্জনৰ পাৰ্কসমূহ খোলাৰ অনুমতি দিয়া হৈছে আনলক ৫ ত ।

Exit mobile version